Assam Municipal Election 2022: ৬ মাৰ্চত ৰাজ্যৰ ৮০ খন পৌৰসভাৰ নিৰ্বাচন
অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫ ফেব্ৰুৱাৰী । ১৭ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰৰ পৰীক্ষণ আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২০ ফেব্ৰুৱাৰী । শিলচৰ পৌৰসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই । ৰ’ড শ্ব’ আৰু সকলো ধৰণৰ শোভাযাত্ৰা নিষিদ্ধ । বলৱৎ নিৰ্বাচনী আচৰণ বিধি । পৌৰসভা নিৰ্বাচনত M2 EVM ব্যৱহাৰ হ’ব । ৮০ খন পৌৰসভাত আছে মুঠ ৯৭৭ টা ৱাৰ্ড আৰু ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২০৫৪ টা (SEC announces polling to 80 municipal boards in Assam) । মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৬,৭৩,৮৯৯ গৰাকী ।
Ramnath Kovind to visit Tezpur university: তেজপুৰলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি
তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ramnath Kovind to visit Tezpur university) ৷ ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ আহিবলগীয়া ৰামনাথ কোবিন্দে বিশ্ববিদ্যালয়খনৰ এক সমোৰোহত অংশগ্ৰহণ কৰিব ৷
The Fall of Humanity: এসময়ৰ কোটিপতি, আজি বৃদ্ধা আশ্ৰমৰ আলহী
আপোনাৰ প্ৰিয়জনো হ’ব পাৰে আপোনাৰ বাবে ঘাটকস্বৰূপ (The Fall of Humanity) ৷ সময়ৰ সোঁতত সলনি হৈ যায় তেজ-মঙহৰ সম্পৰ্কৰ আত্মীয়তাও ৷ তাৰে জলন্ত উদাহৰণ সুৰেশ প্ৰসাদ গুপ্তা ৷ পিছে কোন এই সুৰেশ প্ৰসাদ গুপ্তা ?
পৰম বীৰ চক্ৰ সন্মানেৰে পুৰস্কৃত সঞ্জয় কুমাৰক সুবেদাৰ মেজৰ পদলৈ পদোন্নতি
অপাৰেশ্যন বিজয়ৰ সময়ত বীৰত্ব দেখুৱাবলৈ সক্ষম হোৱা নেশ্যনেল ডিফেন্স একাডেমীৰ প্ৰশিক্ষক সঞ্জয় কুমাৰক সুৱেদাৰ মেজৰ পদলৈ পদোন্নতি (Sanjoy Kumar is promoted to the rank of Subedar Major)। পৰম বীৰ চক্ৰ সন্মানেৰে পুৰস্কৃত সঞ্জয় কুমাৰক এনডিএৰ কামাণ্ডেণ্ট এয়াৰ মাৰ্শ্বেল সঞ্জীৱ কাপুৰে এই সন্মান প্ৰদান কৰে । সুৱেদাৰ মেজৰ সঞ্জয় কুমাৰ ভাৰতীয় সেনাৰ জোৱানসকলৰ বাবে এক আদৰ্শ হৈ ৰ'ৱ ।
Nagaon fake encounter case: কীৰ্তিকমল বৰাই লাভ কৰিলে জামিন
কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন ৷ অহা ১৯ ফেব্ৰুৱাৰীলৈকে ম্যাদ থাকিব এই জামিনৰ ।