অসম

assam

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Aug 30, 2022, 6:59 PM IST

Published : Aug 30, 2022, 6:59 PM IST

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

দক্ষিণ কাশ্মীৰত সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

দক্ষিণ কাশ্মীৰৰ ছৌপিয়ান জিলাত সেনা বাহিনীৰ জোৱান আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী (Militants killed in encounter) ৷

মহানগৰীত উদণ্ড ডাম্পাৰচালকে ভাঙিলে অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইটৰ খুঁটা

ছয়মাইলৰ ট্ৰেফিক ছিগনেল লাইটৰ খুঁটা ভাঙিলে উদণ্ড ডাম্পাৰ চালকে (traffic signal light vandalised by dumper driver) । ছয়মাইল-ভি আই পি সংযোগী পথত সংঘটিত হৈছে এই ঘটনা । দুৰ্ঘটনাৰ ফলত বিকল হৈ পৰে বহু কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা ট্ৰেফিক ছিগনেল লাইট (New traffic signal lights failed in Guwahati) ।

অংকিতা দত্তক চি‌বিআয়ে তলব কৰাক লৈ অৱতাৰণা হৈছে বহু প্ৰশ্নৰ

আকৌ উক দি‌ উঠিছে বহু চৰ্চিত সাৰদা চীট ফাণ্ড কেলেংকাৰীৰ অনুসন্ধান পৰ্ব (Saradha chit fund scam) । কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি আই য়ে এইবাৰ তলব কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্তৰ কন্যা তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক (CBI summond Ankita Dutta)।

চীনা ঋণ এপৰ দ্বাৰা প্ৰৱঞ্চিত হৈ ৫২ ভাৰতীয়ৰ আত্মহত্যাৰ অভিযোগ কংগ্ৰেছৰ

কংগ্ৰেছ নেতাসকলৰ মতে, কোভিড মহামাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত (Covid pandemic hit) হোৱা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে এই অবৈধ চীনা এপবোৰৰ আশ্ৰয় লৈছিল, যিয়ে তেওঁলোকক সস্তীয়া ঋণ আগবঢ়াইছিল (illegal Chinese apps offered cheap loans) ।

ডাইনী সজাই গোসাইগাঁৱত মাৰপিট মহিলাক

মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা ৷ ডাইনীৰ সন্দেহত হত্যাৰ চেষ্টা এগৰাকী মহিলাক (Mob tried to kill woman suspicion of witch)৷ একবিংশ শতিকাতো অন্ধবিশ্বাসৰ কবলত পৰি এগৰাকী পুৰোহিতৰ উচতনিত গাঁওবুঢ়াৰ লগতে গঞাই ডাইনী সজাই মাৰপিট কৰে এগৰাকী মহিলাক ৷

ড্ৰাগছ কিনিবলৈ 19 টা ভুৱা একাউণ্ট ব্যৱহাৰ কৰিছিল মাইকেল জেকচনে

2009 চনৰ জুন মাহৰ শেষৰ ফালে মাইকেল জেকচনৰ মৃত্যুৱে সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছিল ৷ এতিয়া তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন নতুন তথ্যচিত্ৰত প্ৰকাশ পাইছে যে তেওঁ 19 টা ভুৱা একাউণ্ট ব্যৱহাৰ কৰি ড্ৰাগছৰ লেন-দেন কৰিছিল (Michael Jackson used 19 fake ID) ।

শিক্ষাৰ পোহৰ বিলোৱা মানুহজন আজি নিজেই অন্ধকাৰত

সোণাৰিত অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ দুৰ্বিসহ জীৱন (poor health condition of retired principal of Sonari) ৷ মানসিক ভাৰসাম্য হেৰুওৱা পিতৃক এৰি বিদেশত বিলাসী জীৱন যাপন একমাত্ৰ কন্যাৰ ৷ ৰোগীয়া পিতৃৰ ধন সম্পত্তি হস্তগত কৰাৰ অভিযোগ বিদেশত থকা কন্যাৰ বিৰুদ্ধে ৷

সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম অৰুণাচল সীমান্ত পৰিদৰ্শন বিশেষ দলৰ

অসম আৰু অৰুণাচল সীমান্তৰ সংঘাত সৃষ্টি হোৱা ঠাই সমূহ পৰিদৰ্শন কৰি আজি দুয়োখন ৰাজ্যৰ প্ৰশাসনে সীমান্তৱৰ্তী গাঁৱৰ ৰাইজৰ লগত আলোচনাত মিলিত হয় (Assam Arunachal border dispute) । আলোচনাত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী গাঁৱৰ ৰাইজ তথা স্থানীয় দল সংগঠনৰ মাজত আলোচনা কৰি সঠিক সীমা নিৰ্দ্ধাৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

অসমক ক’লা চাহাব সৃষ্টিৰ কাৰখানাত পৰিণত কৰিব খুজিছে চৰকাৰে

অসমীয়া জাতিৰ ভাষা কৃষ্টি সংস্কৃতি সকলো ধ্বংস কৰি অসমখনক ক’লা চাহাব সৃষ্টিৰ কাৰখানাত পৰিণত কৰিব খুজিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ একপক্ষীয়ভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে মাধ্যমিক শিক্ষাৰ সন্দৰ্ভত সিদ্ধান্ত লৈছে ৷ সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই (Ajit Kumar Bhuyan criticized Assam CM) ।

বিজেপিক বাচ্ছা চোৰ দল আখ্যা মনীষ ছিছ’দিয়াৰ

মঙলবাৰে দিল্লী বিধানসভাত বিজেপিক “বাচ্ছা চোৰ” দল বুলি অভিহিত কৰে উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই । শিশু অপহৰণৰ অভিযোগত বিজেপিৰ এজন কৰ্পৰেটৰক গ্ৰেপ্তাৰ কৰাৰ (Allegation of kidnap against BJP corporator) কথা উল্লেখ কৰি তেওঁ এইদৰে কয় ৷

ABOUT THE AUTHOR

...view details