ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি
২০১৪ চনৰ পৰা ২০১৮ চনলৈ প্ৰায় ১১,৯৭,২৯৪ বিঘা ভূমি নৈৰ বুকুত বিলীন হোৱাৰ বিপৰীতে পৰৱৰ্তী তিনি বছৰত জাহ গৈছে ১,৭৯,৩৯৯ বিঘা ভূমি । অসমৰ ভূ-খণ্ড প্ৰতিবছৰে সংকুচিত হোৱাৰ সমান্তৰালভাৱে গৃহহীন-ভূমিহীন হৈছে হাজাৰ হাজাৰ পৰিয়াল । ২০১৪ চনৰ পৰা ২০১৮ চনৰ ভিতৰত গৰাখহনীয়াত গৃহহীন হৈছে নৈপৰীয়া ৮৬,৫৩৬ জন লোক । কেন্দ্ৰীয় চৰকাৰে অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰাটো আশ্চর্যজনক বিষয় ।
Nava Sankalp Sibir: আজিৰে পৰা ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ নৱ সংকল্প শিবিৰ
ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হৈ যোৱা কংগ্ৰেছৰ ‘নৱ সংকল্প শিৱিৰৰ ঘোষণাৱলী কাৰ্যকৰী কৰাৰ উদ্দেশ্যে আজিৰে পৰা ১৪ জুনলৈ অসমৰ জিলাই জিলাই নৱ সংকল্প শিৱিৰৰ (Nava Sankalp Sibir) আয়োজন ।
Hajj pilgrims 2022: পবিত্ৰ মক্কালৈ যাব লখিমপুৰৰ ৮৬ গৰাকী হজ যাত্ৰী
দেওবাৰে পবিত্ৰ মক্কালৈ যাব লখিমপুৰৰ ৮৬ গৰাকী হজ যাত্ৰী ৷ যাৰ বাবে শনিবাৰে লখিমপুৰৰ নাওবৈচাৰ বঙালমৰাত আমছুৱে আয়োজন কৰে এক সভাৰ ৷ এই সভাত হজ যাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় (Hajj pilgrims felicitated in Lakhimpur) ৷
কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী
ক্ৰমাৎ বৃদ্ধি পাইছে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰা ৰাজ্যৰ যুৱক-যুৱতীৰ সংখ্যা ৷ কেৰালা, তামিলনাডু আৰু গুজৰাটৰ লগতে বেংগালুৰ, হায়দাৰাবাদ, দিল্লী, মুম্বাই আদি মহানগৰত থিতাপি লৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱাই ৷ পিছে ভয়াৱহ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কোনো বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ।
স্বজনপোষণ কেৱল কংগ্ৰেছতে নহয় বিজেপিৰ ক্ষেত্ৰতো দেখা যায় : পি চিদাম্বৰম
বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ মনোনীত হোৱা কংগ্ৰেছ সাংসদ পি চিদাম্বৰৰ গুৰুত্বপূৰ্ণ মন্তব্য । পৰিয়ালৰ কোনো সদস্য দলত থাকিব বিচাৰিলে তেওঁ পদত্যাগ কৰিবলৈও সাজু (P Chidambaram on family politics)। স্বজনপোষণ কেৱল কংগ্ৰেছৰ ক্ষেত্ৰতে নহয় বিজেপিৰ ক্ষেত্ৰতো দেখা যায় । কাৰাইকুডিত সংবাদ মাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰে সাংসদগৰাকীয়ে ।