Financial scam: চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক
এমট্ৰ'ন (Assam Electronics Development corporation)ৰ একাউণ্টৰ পৰা ২ কোটি ৫৭ লাখ টকা হৰলুকি । দুটাকৈ গোচৰ ৰুজুৰ হোৱাৰ পাচতে গাণনিক বিষয়া ৰাহুল হুজুৰীক গ্ৰেপ্তাৰ চি আই ডিৰ ।
অবৈধ বাংলাদেশীক জালি স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান; ডিব্ৰুগড়ত এজনক আটক
ডিব্ৰুগড় চাউলখোৱাৰ চৰকাৰী গাঁওবুঢ়াৰ চহী, পেড, চীল মোহৰ জালিয়াতিৰে অবৈধ বাংলাদেশীক স্বদেশী সজো়ৱাৰ অভিযোগত ৱাৰুল আলী নাম এগৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে ৷ গাঁওবুঢ়া ৰুবুল আলীৰ চহী, পেড, চীল মোহৰ জালি কৰি সন্দেহযুক্ত নাগৰিকক চাউলখোৱাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল ৱাৰুল আলী আৰু ছাজিদ খান নামৰ দুই দালালে ।
জনীয়াৰ দুখনকৈ বিদ্যালয়ত National Achievement of Survey কাৰ্যসূচী
কলগাছিয়াৰ ফকৰুদ্দিন আলী আহমেদ একাডেমী(Fakhruddin Ali Ahmed Academy) আৰু বলাইপাথাৰস্থিত দক্ষিণ ৰূপসী হাই স্কুল(Dakshin Ruposi High School)ত নেশ্যনেল এছিভমেণ্ট অৱ ছাৰ্ভে(NAS) কাৰ্যসূচী ৷ ভাৰত চৰকাৰৰ শিক্ষা আৰু স্বাক্ষৰতা দপ্তৰৰ নিৰ্দেশত শুকুৰবাৰে সমগ্ৰ দেশতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়ন তথা সফলতাৰ মূল্যায়নৰ বাবে এই কাৰ্যসূচী হাতত লোৱা হৈছে ৷
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ শিক্ষার্থীৰ বাবে মাচুল ৰেহাই
চৰকাৰী, প্ৰাদেশীকৃত অথবা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষার্থীসকলৰ বাবে পৰীক্ষা আৰু কেন্দ্ৰৰ মাচুল ৰেহাই । এই ৰেহাইৰ ক্ষেত্ৰত শিক্ষার্থীসকলৰ পৰিয়ালৰ উপার্জন বছৰি ২ লাখ টকাৰ অধিক হ’ব নোৱাৰিব ।
লখিমপুৰ খেৰীৰ ঘটনা:১৫ নৱেম্বৰলৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ
উত্তৰ প্ৰদেশ চৰকাৰৰ অনুৰোধত ন্যায়ালয়ে স্থগিত ৰাখিলে শুনানি । উত্তৰ প্ৰদেশ চৰকাৰে ঘটনাটোৰ বিষয়ে অনুসন্ধান কৰিবলৈ আৰু দুমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব লগা তদন্তৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰদীপ কুমাৰ শ্ৰীবাস্তৱক সদস্য আয়োগ হিচাপে নিযুক্তি দিছিল ।