বৰফ পৰা আৰম্ভ হৈছে অৰুণাচল প্ৰদেশৰ চেলা পাছত
অক্টোবৰ মাহৰ শেষৰ পৰা বৰফ পৰা আৰম্ভ হৈছে চেলা পাছত । ভিৰ কৰিছে বহিঃৰাজ্যৰ পৰ্যটক সকলেও ৷ ইফালে, উত্তজনা অব্যাহত আছে ভাৰত-চীন সীমান্তত ৷ চেলা পাছৰ সামগ্ৰীক পৰিস্থিতিক লৈ ইটিভি ভাৰত অসমৰ বিশেষ প্ৰতিবেদন ।
কি আছে ৰাজ্য চৰকাৰৰ নতুন ক'ভিড SOP ত ?
মঙলবাৰে পুনৰ ৰাজ্য চৰকাৰে জাৰি কৰিলে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা অৰ্থাৎ এচ অ' পি । জানো আহক কি কি বিষয় সন্নিবিষ্ট হৈ আছে এই নতুন এচ অ' পিত ?
কংগ্ৰেছ দলত দালালৰ স্থান নাই: ভূপেন বৰা
সমাগত উপ-নিৰ্বাচন ৷ ব্যস্ত সকলো ৰাজনৈতিক দলৰ নেতা, মন্ত্ৰী, বিধায়ক সকলো ৷ এতিয়া ৰাজ্যৰ পাঁচোটাকৈ সমষ্টি বলি আছে নিৰ্বাচনী গৰম বতাহ ৷ উপ-নিৰ্বাচনৰ বাবে ভৱানীপুৰতো ব্যস্ত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব । মঙলবাৰে পাঠশালাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলটোকো তীব্ৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয় ।
নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱ বাতিল
কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৰাস মহোৎসৱ ৷ ইয়াৰ বিপৰীতে ৰাস পূৰ্ণিমাৰ দিনা মূল পূজাভাগহে অনুষ্ঠিত কৰা হ’ব ৷
ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা ছাত্র-ছাত্রী বহিব নোৱাৰিব মেট্ৰিক পৰীক্ষাত
অসম মাধ্যমিক শিক্ষা পৰিষদ(SEBA)ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সন্দৰ্ভত জাাৰি কৰিলে নিৰ্দেশনা । আভ্যন্তৰীণ পৰীক্ষাৰ নম্বৰ অন্তৰ্ভুক্তিৰ বাবে প'ৰ্টেল মুকলি । ব্যৱস্থাৱলী ৰূপায়ণ কৰিব নোৱাৰা শিক্ষানুষ্ঠানৰ বাতিল হ'ব পাৰে স্বীকৃতি ।