অসম

assam

ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ বাতৰি - Funeral of Basistha Dev Sharma

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি
5 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Oct 24, 2022, 4:57 PM IST

Basistha Dev Sarma : পঞ্চভূতত বিলীন বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ নশ্বৰদেহ

টোপধ্বনি আৰু গাৰ্ড অৱ অনাৰ প্ৰদৰ্শনেৰে সম্পন্ন কৰা হয় বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ শেষকৃত্য ৷ গায়ন-বায়ন, নাম-প্ৰসংগৰে শোভাযাত্ৰা কৰি থুল তিনিহাটীৰ তিনি বাটচ'ৰাৰ প্ৰথমতে নহাটীৰ বাটচ'ৰা, উত্তৰ হাটীৰ বাটচ'ৰা আৰু দক্ষিণ হাটীৰ বাটচ'ৰালৈ নি সন্মান জনোৱা হয় ৷ ইয়াৰ পিছত বৰপেটা সত্ৰ চৌহদলৈ নি সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে তিনি পাক প্ৰদক্ষিণ কৰাই বৰপেটা সত্ৰৰ খটখটিৰ পূব পাৰে বাপজনাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় (Funeral of Basistha Dev Sarma with state honours) ৷

PM Modi at Kargil : ভাৰতীয়সকলে যুদ্ধক সদায় চূড়ান্ত পন্থা হিচাবে গ্ৰহণ কৰি অহা বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ

‘‘যদিও শক্তি অবিহনে শান্তি লাভ কৰা সম্ভৱ নহয়, বিশ্ব শান্তিৰ পক্ষত থকা আমি ভাৰতীয়সকলে যুদ্ধক সদায় চূড়ান্ত পন্থা হিচাবে গ্ৰহণ কৰি আহিছো ’’। এই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi at Kargil)।

Funeral of Basistha Dev Sharma: বুঢ়াসত্ৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বুঢ়াসত্ৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa attended funeral of Basistha Dev Sharma) ৷ অন্ত্যেষ্টিক্ৰিয়াত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শেষ শ্ৰদ্ধা জনালে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাক ৷

Sankardev Sangha Controversy : বিয়া খাবলৈ গৈ সমাজচ্যুত মৰিয়নিৰ ৪ পৰিয়াল

শংকৰ সংঘৰ কৰ্ম-কাণ্ডক লৈ প্ৰতিক্ৰিয়া (Sankardev Sangha) । বিয়া খাবলৈ গৈ সমাজচ্যুত হ'ল যোৰহাট জিলাৰ মৰিয়নিৰ লাহিং অঞ্চলৰ চাৰিটা পৰিয়াল ।

Girl killed by leopard: লখিমপুৰৰ খেৰীত বাঘৰ আক্ৰমণত কিশোৰীৰ মৃত্যু

উত্তৰপ্ৰদেশৰ লখিমপুৰ খেৰীত বাঘৰ আতংক(Tiger scare in Uttar Pradesh Lakhimpur Kheri) । বাঘৰ আক্ৰমণৰ বলি হৈ মৃত্যুক সাৱতিলে কুঁহিয়াৰ তলিত পাত তুলিবলৈ যোৱা এগৰাকী কিশোৰী । অঞ্চলজুৰি পৰিছে গভীৰ শোকৰ ছাঁ ।

Five Drown in Bihar : বিহাৰত ৫ জনৰ সলিল সমাধি

বিহাৰত সংঘটিত হৈছে শোকাৱহ ঘটনা । এখন নদীত পাঁচজনৰ সলিল সমাধি(Five drown in river in Bihar) । দেওবাৰে বিহাৰৰ ঔৰংগাবাদ জিলাৰ এখন নদীত চাৰিগৰাকী কিশোৰী আৰু এজন ৪০ বছৰীয়া ব্যক্তিৰ সলিল সমাধি ঘটে ।

Helpless baby in GMCH : মাতৃৰ বুকৰ উমৰ অবিহনে চিকিৎসা কৰ্মীৰ কোলাতেই ডাঙৰ হৈছে প্ৰিঞ্চ

এটি দেৱশিশুৱে মন মুহিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ বহু ৰোগীৰ অভিভাৱক, চিকিৎসক তথা চিকিৎসা কৰ্মীৰ । পিছে শিশুটিৰ জীৱন কাহিনীয়ে সেমেকাই তুলিছে সকলোৰে দুচকু(Helpless baby in GMCH) । কিন্তু কিয় ?

Goods train derailed in Maharashtra : মহাৰাষ্ট্ৰত মালবাহী ৰে'লৰ ২০ টা ডবা লাইনচ্য়ুত

মহাৰাষ্ট্ৰৰ ৱাৰ্ধা-বদনেৰা শাখাৰ মালখেদ আৰু তিমাতলা ষ্টেচনৰ মাজত মালবাহী (Train accident in Maharashtra) ৰে'ল দুৰ্ঘটনাগ্ৰস্ত । এই তথ্য় সদৰী কৰিছে কেন্দ্ৰীয় ৰে'লৱেই ।

Chhatarpur Khajuraho: পত্নী-সন্তানক ঘৰৰ পৰা উলিয়াই দি দ্বিতীয় বিবাহ পাষাণ স্বামীৰ

খাজুৰাহোৰ ওচৰৰ বামিথাত এজন ব্যক্তিয়ে তেওঁৰ পত্নী আৰু সন্তানক এৰি আধা বয়সৰ আন এজনী ছোৱালীক বিয়া কৰাইছিল । আনহাতে, মহিলাগৰাকীৰ নামো গাঁওখনৰ পৰা কৰ্তন কৰা হৈছে আৰু ৰেচনৰ সামগ্ৰীও তেওঁৰ ঘৰলৈ পঠোৱা বন্ধ কৰি দিয়া হৈছে । ঘৰত উপস্থিত হোৱা পত্নী আৰু সন্তানক স্বামীয়ে প্ৰহাৰ কৰি আৰু আঁতৰাই পঠিয়ায় (husband marries another girl in khajuraho) ।

Delhi weather: দীপাৱলীৰ দিনটোত পুৱাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজধানী দিল্লীৰ পৰিৱেশে

দীপাৱলীৰ পুৱাই দিল্লীৰ বায়ুই ধাৰণ কৰিছে অতি ভয়াৱহ অৱস্থা(Delhi air quality inches closer to very poor levels ) ৷ চুবুৰীয়া চহৰ গাজিয়াবাদ (৩০০), নয়দা (২৯৯), গ্ৰেটাৰ নয়ডা (২৮২), গুৰুগ্ৰাম (২৪৯) আৰু ফৰিদাবাদ (২৪৮)ত ভয়াৱহ ৰূপত বায়ু প্ৰদূষিত হোৱা বুলি জানিব পৰা গৈছে । শূন্যৰ পৰা ৫০ ৰ মাজৰ AQI ক "ভাল", ৫১ আৰু ১০০ক "সন্তুষ্টিজনক", ১০১ আৰু ২০০ক "মধ্যমীয়া", ২০১ আৰু ৩০০ 'বেয়া', ৩০১ আৰু ৪০০ "অতি বেয়া", আৰু ৪০১ আৰু ৫০০ 'ভয়াৱহ' বুলি গণ্য কৰা হয় ।

ABOUT THE AUTHOR

...view details