চাৰ্ভেৰ বৃদ্ধ দম্পতী হত্যাকাণ্ড : হত্যাৰ কথা স্বীকাৰ আকাশ চৌধুৰীৰ
মহানগৰীত চাৰ্ভেত বৰুৱা দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে মূল অভিযুক্ত আকাশ চৌধুৰীয়ে ৷ আকাশৰ পত্নীকো বশিষ্ঠ থানাত চলোৱা হৈছে জেৰা ৷
৭,৯৬,৪৫৬ গৰাকী ভােটাৰে নির্ণয় কৰিব ৩১ গৰাকী প্রার্থীৰ ভাগ্য
উপ-নির্বাচন(By election)ৰ বাবে সাজু নির্বাচন আয়ােগ । পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত ৪৩,২২৯ গৰাকী নতুন ভোটাৰ । ১,১৭৬টা ভােটগ্রহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা । প্রতিটো ভােটকেন্দ্র স্থাপন কৰা স্থানত থাকিব চি আৰ পি এফৰ জোৱান । উপ-নির্বাচনত নিয়োগ কৰা হ'ব মুঠ ৫,৪১০ গৰাকী ভােটগ্রহণ বিষয়া । দিব্যাংগসকলৰ যাতায়াতৰ বাবে বিশেষ মােবাইল এপ্লিকেশ্যন ।
তামুলপুৰত উপ-নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি বাক্সা জিলা প্ৰশাসনৰ
বাক্সা জিলাৰ অন্তৰ্গত 58 নং তামুলপুৰ বিধানসভা সমষ্টি(Tamulpur Constituency)ত শনিবাৰে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ উপ-নিৰ্বাচন(By Election)ৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বাক্সা জিলা প্ৰশাসন(Baksa District Administration)৷ শুকুৰবাৰে পুৱাৰ ভাগৰে পৰা মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ভৰি পৰিছে নিৰ্বাচনৰ দায়িত্বত থকা কৰ্মচাৰীসকল ।
ভৱানীপুৰত উপ-নিৰ্বাচন : ভোটগ্ৰহণৰ বাবে সাজু বজালী জিলা প্ৰশাসন
ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন(By Election)ৰ ভোটগ্ৰহণৰ বাবে সাজু বজালী জিলা প্ৰশাসন(Bajali District Administration) ৷ শুকুৰবাৰে পুৱাৰ ভাগতে ভট্টদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হয় নিৰ্বাচনী দায়িত্বত থকা প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল ৷ ভৱানীপুৰ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 213 টা ।
পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জ
শুকুৰবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জ ৷ শুকুৰবাৰে পুৱা অগৰাতলি বন বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানৰ মাজেদি মুকলি কৰা হয় বনাঞ্চলখন ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত এই অগৰাতলি বনাঞ্চলখনক পৰ্যটকৰ বাবে মুকলি কৰাৰ সময়ত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ গগৈ, বোকাখাত মহকুমা প্ৰশাসন আৰু বন বিভাগৰ বিষয়াসকল ।