অনলাইন শ্বপিঙে মাধমাৰ শোধাইছে থলুৱা বস্ত্ৰ ব্যৱসায়ীক
আকৌ আহিল দুৰ্গা পূজা ৷ পূজা উপলক্ষে সকলোৰে মাজত লাগিছে কাপোৰ কিনাক লৈ হেতা-ওপৰা ৷ কিন্তু পূৰ্বৰ দৰে কাপোৰৰ বিপণীসমূহত নাই গ্ৰাহকৰ ভিৰ ৷ কিন্তু কিয় ?
দুৰ্গা পূজা উদযাপনৰ বাবে সাজু শ্ৰীশ্ৰীকাক গোঁসানী চাতনি থান
সমাগত শাৰদীয় দুৰ্গা পূজা ৷ পূজাক কেন্দ্ৰ কৰি উথপথপ ৰাজ্যৰ চৌদিশ ৷ বোকাখাতৰ শ্ৰীশ্ৰীকাক গোঁসানী চাতনি থানত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি ৷
অসম বিধানসভাৰ উপ নিৰ্বাচন: পাঁচটা সমষ্টিত ৩৯ গৰাকী প্ৰার্থীৰ মনোনয়ন দাখিল
৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত হ'ব উপ নিৰ্বাচন । গোসাইগাঁও সমষ্টিত সৰ্বাধিক ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে । আনহাতে মৰিয়নীত সৰ্বনিম্ন ৪ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন ।
অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰ টেনী
লখিমপুৰ খেৰী হিংসাত্মক ঘটনাৰ সন্দৰ্ভত দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰক আজি সোধপোছ কৰিব লখিমপুৰৰ অপৰাধ শাখাই ।
নগা আলোচনা প্ৰসংগত কেন্দ্ৰক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী আৰু নেফিউ ৰিঅ'ই
নগা আলোচনা সন্দৰ্ভত কেন্দ্ৰৰ সৈতে আলোচনাত মিলিত হ'ব নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই(Nagaland chief minister Neiphiu Rio) আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ নগা ৰাজনৈতিক সমস্যাৰ(Naga political issue) আগতীয়া নিষ্পত্তিৰ প্ৰচেষ্টাৰ সন্দৰ্ভত সম্প্ৰতি দিল্লীত শিবিৰ পাতি থকা কেন্দ্ৰীয় নেতা তথা নগা ৰাজনৈতিক গোটসমূহৰ(Naga Political Groups) সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী দুগৰাকী ৷