অসম

assam

ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - State BJP president Bhabesh kalita attend gunotsav 2022

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : May 25, 2022, 3:03 PM IST

Artificial flood in Guwahati: এজাক বৰষুণতে উটি গ’ল মহানগৰীৰ আভিজাত্য

বুধবাৰে দিনৰ ভাগত অহা এজাক বৰষুণতে মহানগৰীৰ বহুকেইটা ৰাজপথ, উপ-পথত সৃষ্টি হয় কৃত্ৰিম বান(Artificial flood in Guwahati) ৷ বিশেষকৈ মহানগৰীৰ চানমাৰি, জু-ৰোড, গীতানগৰ, হাতীগাঁও, আমবাৰী, লাখটকীয়া, বেলতলা, ৰুক্মিণীগাঁও, ৰাজগড় আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায় ৷

ৰাজনীতি এৰি শিক্ষকৰ ৰূপত বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতা

ৰাজ্যত চলি থকা গুণোৎসৱৰ বুধবাৰে তৃতীয়টো দিন ৷ গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি শিক্ষাদানত ব্ৰতী হৈ পৰিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(State BJP president Bhabesh kalita attend gunotsav 2022) ৷ ৰঙিয়াৰ সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ দশম শ্ৰেণীত শিক্ষকৰ ৰূপত দেখা গ’ল ৰাজনৈতিক নেতাগৰাকীক ৷

খেল ধেমালীৰ বয়সতে কঠিন বাস্তৱৰ মুখামুখি বটদ্ৰৱাৰ ছফিকুলৰ দুই কন্যা

এক কঠিন বাস্তৱৰ সৈতে যুঁজ দিছে ফাতেমা আৰু কুলছুমা (Fatema and Kulsuma fight for justice) ৷ সমনীয়াৰ সৈতে খেল-ধেমালি কৰাৰ সময়ত এতিয়া ন্যায়ৰ হকে মাত মাতিছে অসহায় দুই কণমানিয়ে ৷

Gunotsav 2022: আমগুৰিৰ বিদ্যালয়ত সাংসদ তপন কুমাৰ গগৈ

গুণোৎসৱক লৈ ব্যস্ত ৰাজ্যৰ মন্ত্ৰী, বিধায়ক,সাংসদ আদি সকলো । বিদ্যালয়ে বিদ্যালয়ে গৈছে নেতাসকল । ইয়াৰ মাজতে আমগুৰিৰ চৰকাৰী বিদ্যালয়ত উপস্থিত সাংসদ তপন কুমাৰ গগৈ (Tapan Kumar Gogoi participates in Gunotsav program)। বিদ্যালয়ৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে শিক্ষাৰ্থী, অভিভাৱকসকলৰ সৈতেও মত বিনিময় কৰিলে সাংসদগৰাকীয়ে ।

Good News: ভাৰতীয় যুৱ ফুটবল দলত স্থান লাভ জোনাইৰ গকুল বিশ্বকর্মাৰ

অসমবাসীৰ বাবে এটা সুখবৰ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত খেলিবৰ বাবে নিৰ্বাচিত হৈছে জোনাইৰ গকুল বিশ্বকর্মা । ইণ্ডো-নেপাল যুৱ ফুটবল প্ৰতিযোগিতাত(Indo-Nepal Youth Football Tournament) ভাৰতীয় যুৱ দলক প্ৰতিনিধিত্ব কৰিব অসম সন্তান গকুল বিশ্বকর্মাই ।

Rangia police raid against drugs : ৰঙিয়াত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক

ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। কামৰূপ জিলা আৰক্ষীয়েও বিভিন্ন স্থানত এই নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছে । তেনে এক অভিযানৰ মাজতে ৰঙিয়াত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler arrested in Rangia)।

শিৱসাগৰত বৰ্হি মূল্যায়কৰ ৰূপত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত এখন জাকতজিলিকা বিদ্যালয় হৈছে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়(Sivasagar Govt HS & MP School) ৷ য’ৰ পৰা উত্তীৰ্ণ 14 গৰাকীকৈ ছাত্ৰই অসম সাহিত্য সভাৰ দৰে এটা আগশাৰীৰ অনুষ্ঠানৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ৷ বুধবাৰে এইখন বিদ্যালয়তে উপস্থিত হয় বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত(Bhaskarjyoti Mahanta visits Sivasagar Govt HS & MP School) ৷

অশ্ৰু ভৰা নয়নেৰে কামপুৰৰ বন্যাৰ্তৰ চৰকাৰলৈ আহ্বান: আমাক সহায় কৰক

বছৰৰ প্ৰথমটো বানে জুৰুলা কৰিলে অসমৰ ৰাইজক (Flood in Assam 2022) ৷ এই বানত উটি গ’ল বহুতৰ সপোনৰ ঘৰখন, আপোন খেতিডৰা ৷ অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱত এতিয়া হাহাকাৰ কৰিব লগাত পৰিছে বন্যাৰ্তই ৷ কান্দি কান্দি বন্যাৰ্তৰ চৰকাৰলৈ আহ্বান, ‘‘আমাক সহায় কৰক’’ ৷

Pistol recovered at Amguri: পিষ্টল-সজীৱ গুলীৰে সৈতে আমগুৰিত আটক যুৱক

আমগুৰিত এটা .32 পিষ্টলৰ সৈতে আটক এজন যুৱক(One arrested with pistol at Amguri in Sivasagar) ৷ চণ্টকস্থিত ১২ আসাম ৰাইফলছ আৰু অসম আৰক্ষীয়ে যৌথ অভিযান চলাই আমগুৰি থানাৰ সন্মুখত মঙলবাৰে আটক কৰে যুৱকজনক ৷ অভিযানকাৰী দলটোৱে যুৱকজনৰ পৰা পিষ্টলটো(Pistol recovered at Amguri) ৰ লগতে জব্দ কৰে 5 জাঁই .32 পিষ্টলৰ সজীৱ গুলী আৰু এটা ম’বাইল হেণ্ডছেট ৷

Kedarnath Yatra: 18 ঘণ্টাৰ অন্তত পুনৰ আৰম্ভ কেদাৰনাথ যাত্ৰা

যোৱা দুটা দিনত হোৱা ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছিল কেদাৰনাথ যাত্ৰা(Snowfall in Kedarnath) ৷ বুধবাৰৰ পুৱাৰে পৰা পুনৰ মুকলি কৰা হৈছে কেদাৰনাথ যাত্ৰা ৷ অৱশ্যে বৰষুণ আৰু তুষাৰপাত পাছত কেদাৰনাথ ধাম আৰু ইয়াৰ চাৰিওফালৰ এলেকাত হ্ৰাস পাইছে তাপমাত্ৰা । মন্দিৰৰ চাৰিওফালৰ শৃংগবোৰত দেখা গৈছে বৰফৰ বগা আচ্ছাদন(Kedarnath Dham peaks covered with snow ) ।

ABOUT THE AUTHOR

...view details