Majuli By election: পুৱা 9 বজালৈ মাজুলীত সম্পন্ন 11.42 শতাংশ ভোটদান'
অৱশেষত আৰম্ভ হ’ল বহু প্ৰত্যাশিত মাজুলীৰ উপ নিৰ্বাচন ৷ সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়াৰ পুৱা 9 বজালৈকে সম্পন্ন হৈছে 11.42 শতাংশ ভোটদান ৷ জিলাখনৰ ১,৩৩,২২৭ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব মাজুলীৰ নিৰ্বাচনী প্ৰাৰ্থীৰ ভাগ্য ৷'
Majuli By-Poll: ভোটাধিকাৰ সাব্যস্ত কৰিলে ভুবন গামে
মাজুলীৰ উপ নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে ৷ পুৱাই পত্নীসহ আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে মাজুলীৰ বিজেপি, অগপ, সন্মিলিত গণশক্তি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে(Bjp Candidate Bhuban Gam) । পুৱা ৭ বজাৰ পৰা মাজুলীত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া(Majuli By Election 2022) ।
আৰম্ভ হ’ল মাজুলীৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ
সোমবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে মাজুলীৰ উপ নিৰ্বাচন 2022ৰ ভোটগ্ৰহণ(Majuli By Election 2022) ৷ জিলাখনৰ ২০৩ টা ভোটকেন্দ্ৰত ১ লাখ ৩৩ হাজাৰৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম(Bjp Candidate Bhuban Gam), বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ ভাগ্য ৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া বিয়লি ৫ বজালৈ চলিব ৷
আজি মাজুলীত উপ-নিৰ্বাচনৰ ভোটযুদ্ধ
আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হৈছে মাজুলী উপ-নিৰ্বাচনৰ(Majuli By Election 2022) ভোটদান প্ৰক্ৰিয়া ৷ ভোটযুদ্ধৰ পুৱাই গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰ আৰু মাতৃৰ সমাধিস্থলীত সেৱা ল'লে বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে(Bjp Candidate Bhuban Gam) ৷ জিলাখনৰ মুঠ ১,৩৩,২২৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ ভাগ্য ৷
মাতৃৰ অবৰ্তমানত দ্বিতীয় গৰাকী মাতৃৰ সন্ধান পালে লুৰীণে
জন্মদাত্ৰী মাতৃৰ বিয়োগৰ এবছৰৰ পিছত মাজুলীত আন এগৰাকী মাতৃ পালে লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi in Majuli)। চুনু দাস নামৰ মাতৃগৰাকীক সাক্ষাতৰ পিছতে আবেগৰ চকুলো বৈ আহে লুৰীণজ্যোতি গগৈৰ ৷ পুত্ৰ লুৰহণলৈ বুলি হেঁপাহৰ উপহাৰো দিলে মাতৃ চুনু দাসে ৷