ছয় বিদ্ৰোহী সংগঠনৰ সদস্যলৈ চাৰিলাখ টকাৰ এককালীন সাহায্য মুখ্যমন্ত্ৰীৰ
দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে কাৰ্বি আংলং জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM visit Karbi Anglong)। কেইবাটাও অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে । শান্তিচুক্তিৰ জৰিয়তে মূলসূঁতিলৈ অহা প্ৰায় দুই হাজাৰ উগ্ৰপন্থী সংগঠনৰ সদস্যক চৰকাৰৰ তৰফৰ পৰা সাহায্য প্ৰদান । ১১ টা পৰিষদীয় সমষ্টিক ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে ১১০ কোটি টকাৰ আঁচনি ।
বন্ধুৰ ঘৰত বিহু উদযাপন জনপ্ৰিয় অভিনেতা কেকে-মোহনৰ
টীয়কত বন্ধুৰ উপস্থিত বেহাৰবাৰী আউটপোষ্টৰ দুই অভিনেতা ৷ বন্ধুৰ ঘৰত উপস্থিত হৈ বিহু উদযাপন কৰে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা ওৰফে কে কে আৰু দ্বীপজ্যোতি কেওট ওৰফে মোহনে(Actor K K and Mohan visits teok) ৷
ব্যক্তিগত বাহনলৈ শিল দলিয়াই ডকাইতে সংঘটিত কৰে ডকাইতিকাণ্ড
ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাটৰ ঊষা গৰঙাত অঘটন ৷ ডকাইতৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হয় কেইবাখনো বাহন (Robbers attacked at Usha Goronga) ৷ বিগত প্ৰায় দুমাহত ঊষা গৰঙা পাঁচ আলিৰ চাহ বাগিচাত ডকাইতৰ শিলাবৰ্ষণত ক্ষতিগ্ৰস্ত হৈছে বহুকেইখন ব্যক্তিগত বাহন ।
কলিয়াবৰত জীনা ৰাজকুমাৰীৰ জনগোষ্ঠীয় নৃত্য-গীত পৰিৱেশন
বসন্তৰ পৰশ আৰু প্ৰকৃতিৰ মনোমোহা প্ৰতিশ্ৰুতিৰে অসমী আইৰ বুকুত উৎসৱৰ মধুৰ আলোড়ন তুলি আকৌ আহিল অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক ৰঙালী বিহু । বিহুৰ ঐতিহ্য ৰক্ষা কৰি মহাসমন্বয়ৰ গীত জুৰিবলৈ পূৰ্বৰ দৰে এইবাৰো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা(Kaliabor AASU Bihu 2022)ই কুঁৱৰীটোল গান্ধী খেলপথাৰত ৰঙালী বিহু উদযাপন কৰে ।
Rangali Bihu celebration in Sonitpur: চাৰিদুৱাৰত বিহু নাচিলে বিধায়ক পদ্ম হাজৰিকাই
‘‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকোঁ ৷ তাতোকৈ চেনেহৰ ৰঙালী বিহুটি, নেনাচি কেনেকৈ থাকো’’ ৷ ঢোল-পেঁপাৰ মাতত এতিয়া ৰজন জনাইছে ৰাজ্যৰ চৌদিশ (Rangali Bihu in Assam) ৷ ডেকা-বুঢ়া সকলোৰে গাত নাই এতিয়া তত ৷ বাদ পৰি ৰোৱা নাই বিধায়ক পদ্ম হাজৰিকা(MLA Padma Hazarika)ও ৷ পহিলা ব'হাগৰ দিনাই শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ কন্যকাত উপস্থিত হৈ এপাক বিহু নাচিলে বিধায়ক গৰাকীয়েও ৷