অসম

assam

ETV Bharat / state

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি - তিতাবৰ পৌৰসভাৰ শেষ হাঁহি মাৰিলে বিজেপিয়ে

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি
দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Mar 9, 2022, 1:03 PM IST

Municipal Election 2022 : বিজেপিৰ দখলত কৰিমগঞ্জ পৌৰসভা

ৰাজ্যৰ ৮০ খন পৌৰসভাৰ ৯৭৭ টা ৱাৰ্ডৰ পৌৰ নিৰ্বাচনৰ ফলাফল বুধবাৰে ঘোষণা কৰা হয় ৷ ইতিমধ্যে ঘোষিত ফলাফল অনুসৰি, 69 খন পৌৰসভাৰ আসনৰ 64 খন বিজেপিয়ে দখল কৰাৰ বিপৰীতে 2 খন নিৰ্দলীয় আৰু 3 খন আসন শাসক-বিৰোধীয়ে দখল কৰিছে ৷ সেই অনুসৰি, কৰিমগঞ্জ পৌৰসভা দখল কৰিছে বিজেপিয়ে (BJP win 2 Municipality constituency at karimganj) ৷

ৰাইজৰ চৰকাৰৰ ওপৰত আস্থা আছে : মন্ত্ৰী যোগেন মহন

চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ ভিতৰত ৯ টা ৱাৰ্ডত বিজেপিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে (BJP will form Moran Municipal Board) ৷ আনহাতে, এটা ৱাৰ্ড অগপ আৰু আনটো কংগ্ৰেছ প্ৰাৰ্থীৰ দখলত যায় । পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী যোগেন মহনে (MLA Jagan Mohan reaction on Assam Municipal Election) ৷ তেওঁ ৰাইজৰ চৰকাৰৰ ওপৰত আস্থা থকাৰ বাবেই বিজেপিৰ দখললৈ অহাৰ কথা সদৰি কৰে (Assam Municipality Election Result 2022) ৷

Assam Municipality Election Result 2022 : বিজেপিৰ দখলত চাবুৱা পৌৰসভা

বিজেপিৰ দখলত চাবুৱা পৌৰসভা (BJP wins at chabua municipality Election) । সমষ্টিটোৰ মুঠ 10 টা ৱাৰ্ডৰ ভিতৰত 8 টা ৱাৰ্ডেই বিজেপিয়ে দখল কৰাৰ বিপৰীতে অগপই লাভ কৰে মাত্ৰ 2 টা ৱাৰ্ড । উল্লেখ্য যে, চাবুৱা সমষ্টিটো অগপৰ পোনাকণ বৰুৱাৰ দখলত থকাৰ বিপৰীতে বিজেপিয়ে পৌৰসভাখন দখল কৰাত বিশেষ চৰ্চিত হৈছে ।

Assam Municipal Election 2022 : হোজাইত গেৰুৱা বাহিনীৰ সন্মুখত বিধ্বস্ত বিৰোধী

হোজাইৰ ডবকা পৌৰসভাৰ ১ নং ৱাৰ্ডত বিজেপি, ৩ নং ৱাৰ্ডত এআইইউডিএফ, ৫ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰৰ্থী আৰু হোজাই পৌৰসভাৰ ৩ নং ৱাৰ্ডত কংগ্ৰেছ, ৯ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে ৷

Municipal Election Results: তিতাবৰ পৌৰসভাৰ শেষ হাঁহি মাৰিলে বিজেপিয়ে

অৱশেষত ইটিভি ভাৰতৰ হাতত আহি পৰিছে তিতাবৰ পৌৰসভাৰ ফলাফল (Titabor Municipal Election Results) । তিতাবৰ পৌৰসভাত বিজেপি দলে ৬ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে চাৰিখন আসনত জয়লাভ কৰিছে (Assam Municipal Election 2022) ।

Assam Municipal Election 2022 : বিজেপিৰ দখলৰ দিশে শোণিতপুৰ পৌৰসভা

6 মাৰ্চত অনুষ্ঠিত হোৱা অসম পৌৰসভাৰ ভোটগণনা ইতিমধ্যে আৰম্ভ হৈছে (Assam Municipal Election 2022) ৷ শোণিতপুৰ জিলাৰ 4 খন পৌৰসভাত পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা (Municipal Election Results) ৷ তথ্য অনুসৰি শোণিতপুৰৰ 4 খন পৌৰসভাতে বিজেপি দলে আগবাঢ়ি আছে ৷

বোকাখাতত বৃহৎ জয় মিত্ৰজোঁটৰ

বোকাখাত পৌৰসভা নিবাৰ্চনত অগপৰ বৃহৎ জয় লাভ (AGP victory in Bokakhat) ৷ 10 টা ৱাৰ্ডৰ 6 টাতে জয়লাভ কৰিছে অগপ প্ৰাৰ্থীয়ে ৷ বাকী 3 টাত বিজেপি প্ৰাৰ্থী আৰু 1 টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ (Bokakhat civic poll result) ৷ বোকাখাতত এখনো আসনত জয়লাভ কৰিবলৈ সক্ষম নহ’ল কংগ্ৰেছ দলে ৷

বায়ু সেনা একাডেমীৰ কমাণ্ডেণ্টৰ দায়িত্ব গ্ৰহণ এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰৰ

AVSM এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰে মঙলবাৰে ভাৰতীয় বায়ু সেনাৰ বায়ুসেনা একাডেমীৰ কমাণ্ডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰে (B Chandra Sekhar takes over as Commandant)। ইয়াৰ পূৰ্বে তেওঁ প্ৰশিক্ষণ কমাণ্ডৰ শীৰ্ষ বিমান কৰ্মচাৰী বিষয়া আছিল । হায়দৰাবাদৰ বাসিন্দা বি চন্দ্ৰ শেখৰৰ বিভিন্ন বিমান ৫,৪০০ ঘণ্টাতকৈও অধিক সময় সফলভাৱে পৰিচালনা কৰাৰ অভিজ্ঞতা আছে ।

বুল্লী বাই আৰু চুল্লী ডিলছ গোচৰৰ অভিযোগনামা দাখিল

দিল্লী আৰক্ষীয়ে "বুল্লী বাই" আৰু "চুল্লী ডিলছ" গোচৰ সম্পৰ্কে বিতং অভিযোগনামা (Bulli Bai and Sulli Deals case chargesheets) দাখিল কৰে । দিল্লীৰ স্থানীয় আদালতত ৪ মাৰ্চত দাখিল কৰা হয় অভিযোগনামা । বুল্লী বাই গোচৰৰ অভিযোগনামা আছিল ২,০০০ পৃষ্ঠাৰ আৰু চুল্লী ডিলছ গোচৰৰ অভিযোগনামা আছিল ৭০০ পৃষ্ঠাৰ ।

Assam Municipal Election 2022: কোনে মাৰিব শেষ হাঁহি?

আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে পৌৰ নিৰ্বাচনৰ ভোটগণনা(Municipal Election Results) ৷ ভোট গণনাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰস্তুতি ৷ সকলোৰে দৃষ্টি এতিয়া, কাৰ দখললৈ যাব পৌৰসভা(Municipal Election Results)...

ABOUT THE AUTHOR

...view details