অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jul 27, 2021, 1:04 PM IST

অসম-মিজোৰাম সীমান্তত শ্বহীদ আৰক্ষী জোৱানক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰীৰ

সোমবাৰে, অসম-মিজোৰাম সীমান্ত(Assam Mizoram border)ৰ ভূমি বিবাদ(land dispute)ৰ ঘটনাক কেন্দ্ৰ দুই ৰাজ্যৰ সীমান্তত সৃষ্টি হৈছিল অশান্ত পৰিস্থিতিৰ ৷ এই পৰিস্থিতিৰ মাজতে মিজো আৰক্ষীৰ গুলিত নিহত হৈছিল অসম আৰক্ষীৰ ৫ জনকৈ জোৱান ৷ মঙলবাৰে পুৱা এই 5 জন বীৰ শ্বহীদক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Bishwa Sarma) ।

কিয় এই সীমা বিবাদ : অসমক জগৰীয়া কৰিলে মিজোৰামৰ গৃহমন্ত্ৰীয়ে !

অসম-মিজোৰাম সীমা বিবাদ(Assam Mizoram border dispute)ৰ ঘটনাই লৈছে নাটকীয় ৰূপ ৷ সোমবাৰে মিজো দুৰ্বৃত্তৰ হাতত 6 জনকৈ অসম আৰক্ষীৰ জোৱানে প্ৰাণ হেৰুওৱাৰ পিছত মিজোৰাম চৰকাৰে পৰিস্থিতি সম্পৰ্কত বিপৰীত মন্তব্য আগবঢ়াইছে ৷ মিজোৰামৰ গৃহমন্ত্ৰী লালচামিলানাই(Mizoram home minister Lalchamilana) সংবাদ মাধ্যমৰ আগত বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সমগ্ৰ ঘটনাৰ বাবে অসম আৰক্ষী তথা চৰকাৰক জগৰীয়া কৰে ৷

মিজো দুৰ্বৃত্তৰ আক্ৰমণ : পুৱাই শিলচৰত উপস্থিত মুুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম-মিজোৰামৰ সীমা বিবাদ(Assam Mizoram border dispute)ত সোমবাৰে অসম আৰক্ষীৰ 6 জনকৈ জোৱানে শ্বহীদ বৰণ কৰিছিল ৷ তাৰোপৰি মিজো দুৰ্বৃত্তৰ আক্ৰমণত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকসহ কেইবা গৰাকীও আৰক্ষী জোৱান আৰু সাধাৰণ লোক গুৰতৰভাৱে আহত হৈছিল ৷ মিজো দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা এই লোক সকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ সোমবাৰে পুৱাই চিকিৎসালয়খনত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma) ৷

Tokyo Olympics : প্ৰতিপক্ষক হৰুৱাই বক্সিঙৰ কোৱাটাৰ ফাইনেলত লাভলীনা

মঙলবাৰে অলিম্পিকৰ (Tokyo Olympic 2020) অভিষেক মেচত জয়লাভ লাভলীনা বৰগোঁহাইৰ (Lovlina Borgohain) ৷ জাৰ্মান বক্সাৰ নাদিনে আপেটজক পৰাজয় কৰিবলৈ সক্ষম হয় লাভলীনাই ৷

লাভলীনাৰ সফলতা কামনাৰে খুমটাইত বন্তি প্ৰজ্বলন

আজি অৰ্থাৎ মঙলবাৰে অলিম্পিকৰ যুঁজত নামিছে অসম কন্যা লাভলীনা বৰগোঁহাই ৷ জাৰ্মানীৰ বক্সাৰ নাদিনে আপেটজৰ বিৰুদ্ধে বক্সিং ৰিঙত নামিছে লাভলীনা ৷ সমগ্ৰ অসমবাসীৰ মনত এতিয়া আনন্দ-উল্লাসৰ ধল ৷ লাভলীনাৰ সফলতাৰ বাবে সকলোৱে জনাইছে প্ৰাৰ্থনা ৷ খুমটাইৰ যোগীবাৰি গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ শিৱ মন্দিৰত পুৱাই বিধায়ক মৃনাল শইকীয়া আৰু গ্ৰামাঞ্চলৰ মহিলা সকলে বন্তি প্ৰজ্বলন কৰি লাভলীনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছে ৷ ইতিমধ্যে প্ৰি-কোৱাটাৰত জয়লাভ কৰি কোৱাটাৰ খেলাৰ যোগ্যতা অৰ্জন কৰিলে লাভলীনাই ৷

Tokyo Olympics : হকীত স্পেইনৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

ৰুপিন্দৰপাল সিঙৰ দুটাকৈ আকৰ্ষণীয় গ'লেৰে স্পেইনৰ বিৰুদ্ধে জয়লাভ ভাৰতীয় পুৰুষ হকী দলৰ । চিমৰণজিৎ সিঙেও ভাৰতৰ হৈ এটা গ'ল কৰে ।

লাভলীনাৰ সফলতা কামনাৰে খুমটাইত বন্তি প্ৰজ্বলন

আজি অৰ্থাৎ মঙলবাৰে অলিম্পিকৰ যুঁজত নামিছে অসম কন্যা লাভলীনা বৰগোঁহাই ৷ জাৰ্মানীৰ বক্সাৰ নাদিনে আপেটজৰ বিৰুদ্ধে বক্সিং ৰিঙত নামিছে লাভলীনা ৷ সমগ্ৰ অসমবাসীৰ মনত এতিয়া আনন্দ-উল্লাসৰ ধল ৷ লাভলীনাৰ সফলতাৰ বাবে সকলোৱে জনাইছে প্ৰাৰ্থনা ৷ খুমটাইৰ যোগীবাৰি গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ শিৱ মন্দিৰত পুৱাই বিধায়ক মৃনাল শইকীয়া আৰু গ্ৰামাঞ্চলৰ মহিলা সকলে বন্তি প্ৰজ্বলন কৰি লাভলীনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছে ৷ ইতিমধ্যে প্ৰি-কোৱাটাৰত জয়লাভ কৰি কোৱাটাৰ খেলাৰ যোগ্যতা অৰ্জন কৰিলে লাভলীনাই ৷

মিজোৰ গুলিত আৰক্ষীৰ মৃত্যু : ৰাজ্যত তিনিদিনীয়া শোক পালনৰ নিৰ্দেশ

কাছাৰত মিজো দুৰ্বৃত্তৰ গুলিত নিহত অসম আৰক্ষীৰ পাঁচজনকৈ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক পালনৰ নিৰ্দেশ দিছে ৷ এখন ডব্লিউ টি জাননীৰ জৰিয়তে সকলো চৰকাৰী কাৰ্যালয়লৈ এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ৷

আৰক্ষীৰ জালত পৰিল নাবালিকা ধৰ্ষণৰ অভিযুক্ত আব্দুছ

এগৰাকী নাবালিকাৰ ধৰ্ষণ গোচৰত অভিযুক্ত বৰপেটাৰোডৰ আব্দুছ ছাত্তাৰ আহমেদ দীৰ্ঘদিনৰে পৰা পলাতক অৱস্থাত আছিল ৷ দেওবাৰে নিশা বৰপেটাৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চেঙেলীয়াৰ পৰা আটক কৰিবলৈ সক্ষম হয় অভিযুক্ত জনক ৷

চৰকাৰে অংগনবাড়ী কৰ্মীক দিয়া প্ৰতিশ্ৰুতি পূৰণ হ’ব কেতিয়া ?

তিনিচুকীয়াত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ। ৰাজ্যখনত যি কোনো নিৰ্বাচনৰ সময়তেহে কেৱল এই সকল অংগনবাড়ী কৰ্মী সহায়িকালৈ ৰজাঘৰীয়াৰ মনত পৰে বুলি দাবী প্ৰতিবাদকাৰীৰ ।

ABOUT THE AUTHOR

...view details