চৰাইদেউত অনুষ্ঠিত তিনিদিনীয়া ভাগৱতপাঠ
জিলাখনৰ সোণালীপাম বৰনামঘৰত অনুষ্ঠিত হয় শীৰ্ষক ধৰ্মীয় অনুষ্ঠানটো
সোণালীপাম বৰনামঘৰৰ ভাগৱতপাঠ
সোণালীপাম, ১৮ মাৰ্চঃ চৰাইদেউ জিলাৰ আদৰ্শ গাঁও সোণালীপামত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় অবিৰত ভাগৱতপাঠ কাৰ্যসূচীৰ ৷ হৰিনামৰ ৰসেৰে মুখৰিত হৈ পৰা সোণালীপাম গাঁওবাসীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
অনু্ষ্ঠানৰ প্ৰথম দিনা আসন প্ৰতিষ্ঠা, কীৰ্তন পাঠ আৰু নাম-প্ৰসংগ অনুষ্ঠিত হয় ৷ কাৰ্যসূচীৰ অন্তিম দিনটোত আয়োজন কৰা ভাগৱত পাঠত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকলে অংশগ্ৰহণ কৰে ৷ ভাগৱত পাঠৰ শেষত নিশাৰ ভাগত স্থানীয় তথা আমন্ত্ৰিত শিল্পীসকলে বিপ্ৰ দামোদৰ নাটক মঞ্চস্থ কৰে ৷