ডিব্ৰুগড়, 14 জানুৱাৰী: চৰাইদেউ জিলাত বিজেপি নেতাক আক্ৰমণৰ ঘটনাৰ চাঞ্চল্য এতিয়াও অব্যাহত আছে ৷ জিলাখনৰ বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাক কাৰ্যালয় চৌহদত দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই জিলাখনত এতিয়াও উত্তেজনা অব্যাহত আছে ৷
উক্ত ঘটনাৰ কেবাটাও দিন পাৰ হোৱাৰ পাছতো আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই ঘটনাৰ খলনায়ক সঞ্জয় শ্বাহৰ । ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষীয়ে সোণাৰিৰ এছাৰ পেট্ৰ’ল ডিপোৰ কৰ্মচাৰী মহিন্দ্ৰ শ্বাহ, শচীন কুমাৰ আৰু চিকণ্ডৰ শ্বাহক দেওবাৰে গ্ৰেপ্তাৰ কৰি তিনিদিনৰ আৰক্ষীৰ জিম্মাত লৈ সোধাপোছা অব্যাহত ৰাখিছে ।
উল্লেখযোগ্য 6 জানুৱাৰীৰ নিশা সোণাৰি নগৰৰ মাজমজিয়াত অৱস্থিত চৰাইদেউ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত জিলা সভাপতি লক্ষীনাথ তাছাক আক্ৰমণ কৰে উদণ্ড যুৱকৰ এটা দলে । নিশা কাৰ্যালয়ৰ চৌহদত উদণ্ড যুৱকৰ দলটোৱে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাত বাধা দিবলৈ যাওঁতেই সভাপতিগৰাকীৰ লগতে তেওঁৰ সতীৰ্থক উদণ্ড যুৱকৰ দলটোৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।