মৰাণ, 26 ছেপ্টেম্বৰ: চৰাইদেউ জিলাৰ সোণাৰিত দিন দুপৰতে ভয়ংকৰ ঘটনা সংঘটিত হয় (Crime case in Assam) ৷ এখন বিদ্যালয়ৰ ভিতৰত সোমাই গৈ সুৰাপায়ীয়ে ঘপিয়ালে শিক্ষকক (Attempt to murder at Sonari ) ৷ সোণাৰিৰ টিঙালীবাম প্ৰাথমিক বিদ্যালয়ত সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনা (Teacher stabbed to death by drunk man)৷
ঘটনা অনুসৰি চৰাইদেউ জিলাৰ সোণাৰি টিঙালীবাম প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় চলি থকাৰ সময়তে এজন সুৰাপায়ী লোক অতৰ্কিতে সোমাই আহি পোণচাতেই গৈ শিক্ষক এগৰাকীক দাৰে ঘপিয়াই দিয়ে ৷ মুনু প্ৰজাৰ দাৰ ঘাপত ধৰাশায়ী হয় বিদ্যালয়খনৰ শিক্ষক তুলসী সন্দিকৈ ৷