ডিব্ৰুগড়, 19 জানুৱাৰী: সমস্যাই লগ নেৰা হৈছে চাহ বাগিচাৰ শ্ৰমিকসকলক । প্ৰতিটো দিনতেই প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে চাহ বাগিচাৰ শ্ৰমিকসকলে । বাগিচাসমূহৰ উন্নয়ন আৰু অধিক লাভ আদায়ৰ আশাত চৰকাৰে চাহ বাগিচাসমূহ ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিছিল । কিন্তু ব্যক্তিগত কোম্পানীসমূহে অধিক লাভ আদায়ত ব্যস্ত থকাত দিনকদিনে বৃদ্ধি পাইছে চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যা ।
ইয়াৰোপৰি একাংশ বাগিচাৰ মালিকে শ্ৰমিকৰ প্ৰাপ্য ধন আত্মসাৎ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইয়াৰ মাজতে চৰাইদেউ জিলাৰ অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচা বাজেয়াপ্ত কৰিলে অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই । দীৰ্ঘদিন ধৰি চলি থকা বিত্তীয় খেলিমেলিৰ বাবে চৰাইদেউৰ ডিপ্লিং চাহ বাগিচা বাজেয়াপ্ত কৰা হয় । অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা, শিৱসাগৰ সংমণ্ডল কাৰ্যালয়ৰ সহকাৰী ভবিষ্যনিধি আয়ুক্ত প্ৰভাতী বৰুৱা খাউণ্ডৰ উপস্থিতিত বিভাগৰ বিষয়াসকলে বাজেয়াপ্ত কৰে চৰাইদেউ ডিপ্লিং চাহ বাগিচা ।
জানিব পৰা অনুসৰি অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচাখন ৩০ বছৰৰ বাবে ডেনিছ কুকুৰাছোৱাই লীজত লৈছিল । কিন্তু বাগিচাখনৰ শ্ৰমিক কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ এক কোটি ৫৪ লাখ টকা বিভাগীয় কৰ্তৃপক্ষক আদায় নিদিয়াত আজি ভৱিষ্যত নিধি কৰ্তৃপক্ষই চাহ বাগিচাখন বাজেয়াপ্ত কৰে । বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীৰ কোনো সমস্যা নোহোৱাকৈ পূৰ্বৰ দৰে চলি থাকিব বুলি ভৱিষ্যত নিধিৰ আয়ুক্ত প্ৰভাতী বৰুৱা খাউণ্ডে জানিবলৈ দিছে ।