অসম

assam

আজিও অৱহেলিত চৰাইদেউৰ দগাযুঁজ ৰণকৌশল ক্ষেত্ৰ

By

Published : Jun 17, 2021, 3:00 PM IST

বেদখলকাৰীৰ কৱলত পৰি এতিয়া নিশ্চিহ্ন হোৱাৰ দিশত গতি কৰিছে ঐতিহ্যমণ্ডিত দগাযুঁজ ৰণকৌশল ক্ষেত্ৰ । ২০০৬ চনত তদানীন্তন চৰাইদেউ মহকুমা প্ৰশাসনে ঠাইখন চিনাক্ত কৰে যদিও বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত তেনেকৈয়ে হাবি বননিৰে ভৰপূৰ হোৱাৰ লগতে বেদখলকাৰীয়ে ঘৰ সাজি থাকিবলৈ লয় ৷

taipa demands conservation of guerilla warfare training centre of ahom era
আজিও অৱহেলিত চৰাইদেউৰ দগাযুঁজ ৰণকৌশল ক্ষেত্ৰ

মৰাণ, 17 জুন : আজিও অৱহেলিত হৈ আছে আহোম শাসন কালৰ বহু ঐতিহ্য । তেনে এক ঐতিহ্য ক্ষেত্ৰ হ'ল দগাযুঁজ ৰণকৌশল ক্ষেত্ৰ । ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পাৰ্শ্বৱৰ্তী ভজোত প্ৰায় ২০০ বিঘাৰো অধিক মাটিকালিৰে আৱৰি আছে এই ৰণকৌশল ক্ষেত্ৰখনে ।

কিন্তু অতি পৰিতাপৰ বিষয় যে, বেদখলকাৰীৰ কৱলত পৰি এতিয়া নিশ্চিহ্ন হোৱাৰ দিশত গতি কৰিছে দগাযুঁজ ৰণকৌশল ক্ষেত্ৰ । বুৰঞ্জী অনুসৰি আহোম স্বৰ্গদেউ চাওলুং চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰাৰ পূৰ্বে এই ঠাইত বৰাহী ৰজাৰ শাসন আছিল । পৰৱৰ্তী সময়ত চাওলুং চুকাফাই সাত ৰাজ সামৰি এক ৰাজ কৰাত ঠাইখন আহোম সকলে শাসন কৰে ।

আজিও অৱহেলিত চৰাইদেউৰ দগাযুঁজ ৰণকৌশল ক্ষেত্ৰ

আনহাতে আহোম ৰাজত্বকালৰ প্ৰতাপী ৰজা জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলৰ লগত যুঁজিব পৰাকৈ অসমীয়া সেনা বাহিনীৰ ৰণ কৌশল শিবিৰ তৈয়াৰ কৰিবলৈ ভজোৰ এই স্থানত দগাযুঁজ অৰ্থাৎ গৰিলা যুদ্ধৰ প্ৰশিক্ষণ দিয়া হয় । সৰু সৰু টিলাৰ মাজেৰে নলা খান্দি এই স্থানতে দগাযুঁজৰ ৰণকৌশল শিকোৱা হৈছিল । কিন্তু অতি পৰিতাপৰ কথা এই দগাযুঁজ ৰণকৌশল ক্ষেত্ৰখন এতিয়া পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে । ২০০৬ চনত তদানীন্তন চৰাইদেউ মহকুমা প্ৰশাসনে ঠাইখন চিনাক্ত কৰে যদিও বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত তেনেকৈয়ে হাবি বননিৰে ভৰপূৰ হৈ পৰে এই ঐতিহাসিক ঠাইখন । যাৰ ফলত এতিয়া দল সংগঠনৰ লগতে স্থানীয় ৰাইজে শীঘ্ৰে এই ঠাই ডোখৰ সংৰক্ষণ কৰাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক: প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞৰ ঘৰত NIA ৰ অভিযান

ABOUT THE AUTHOR

...view details