মৰাণ,৩০ জুন :শাৰীৰিক বাধা বা দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে সেই কথা প্ৰমাণ কৰিলে চৰাইদেউ জিলাৰ দৃষ্টিহীন যুৱক সনাতন গগৈয়ে । বিশেষভাৱে সক্ষম সনাতনে পৰিয়ালৰ আৰ্থিক সমস্যাৰ মাজেৰে অতি কষ্টৰে পঢ়া শুনা কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (HS Exam Result 2022) কলা শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । বহুতৰ বাবে দ্বিতীয় বিভাগ কোনো ডাঙৰ কথা নহয় যদিও সনাতনে যি পৰিৱেশ আৰু পৰিস্থিতিৰ মাজেৰে পঢ়া-শুনা কৰিছে তেওঁৰ বাবে এই ফলাফল অতি সন্তোষজনক (Specially abled Sanatan Gogoi secured 2nd division)।
চৰাইদেউ জিলাৰ সোণাৰি মৌজাৰ সৰুপথাৰ গাঁৱৰ সনাতনে গুৱাহাটীৰ বশিষ্ঠস্থিত দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ দৃষ্টিহীন ছাত্ৰ সনাতন গগৈয়ে বহু কষ্টৰে ডাঙৰ-দীঘল হৈ পঢ়া-শুনা কৰাৰ লগতে দুবেলা দুমুঠি অন্নৰ বাবে আনকি ব্যৱসায়ো কৰিব লগা হৈছে । সনাতন গগৈৰ সাপেখাতী চাৰিআলিত এখন দোকান আছে ।