মৰাণ, 29 জুলাই :এতিয়াও অশান্ত অসম-মিজোৰাম সীমান্ত৷ সোমবাৰৰ অসম-মিজোৰাম সীমান্তৰ সংঘাত সন্দৰ্ভত বিভিন্ন জনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াও ৷ অসম-মিজোৰাম সীমান্তৰ সংঘাতৰ পাচতেই শংকিত হৈ পৰিছে এতিয়া সীমামূৰীয়া ৰাইজ ৷
অসম-অৰুণাচল প্ৰদেশ সীমান্তটো এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অভিযোগৰ আঙুলি উঠিছিল অসম আৰক্ষীৰ বিৰুদ্ধে ৷ এই বাতৰি অৰুণাচল প্ৰদেশৰ এখন দৈনিক বাতৰি কাকতত প্ৰকাশ পাইছিল ৷
বাতৰি প্ৰকাশ হোৱাৰ পাচতেই অসম আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছিল তদন্ত ৷
অভিযোগ অনুসৰি, 19 জুলাইৰ দিনা অৰুণাচল প্ৰদেশৰ কানুবাৰীত অসম আৰক্ষীৰ বেটেলিয়ানে শস্যৰ পথাৰ নষ্ট কৰিছিল ৷ অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ কাণুবাৰী ৰাজহ চক্ৰৰ অধীনৰ লংখোজান গাঁৱৰ খেতিপথাৰ নষ্ট কৰিছিল অসম আৰক্ষীৰ বেটেলিয়ানে ৷ এই ঘটনা সন্দৰ্ভত অৰুণাচলৰ এখন দৈনিক বাতৰি কাকতত 26 জুলাইত প্ৰকাশিত হৈছিল বাতৰি ।