চৰাইদেউ 15 এপ্ৰিল :অসমীয়া নৱ বৰ্ষৰ দ্বিতীয় দিনা আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত এক অঘটন ঘটে। জুইত সম্পূৰ্ণৰূপে জাহ যায় এটা এ টি এম । ঘটনাৰ বিৱৰণী মতে আজি প্রায় ৫:৩০ বজাত হঠাৎ অহা প্ৰচণ্ড ধূলিৰ ধুমুহাত নগৰখনৰ মাজমজিয়াত থকা ইউনাইটেড বেংক অফ ইণ্ডিয়া সোণাৰি শাখাৰ সন্মুখত থকা বেংকটোৰ এটিএম টোত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।
সাোণাৰিত জুইত জাহ গল এটা এ টিএম - আজি প্রায় ৫:৩০ বজাত হঠাৎ
সাোণাৰিৰ ইউনাইটেড বেংক অফ ইণ্ডিয়া সোণাৰি শাখাৰ সন্মুখত থকা এ টি এম শ্বৰ্ট চাৰ্কিট হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ ইয়াৰ ফলত জুইত জাহ যায় এ টি এমটো ৷

জুইয়ে নিমিষতে এ টি এম টো সম্পূৰ্ণ ৰূপে ধ্বংস কৰে। জুইত এ টি এম টোত থকা কেইবালক্ষাধিক টকা জাহ যায়। উল্লেখযোগ্য যে এ টি এমত ধন ভৰোৱাৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানৰ থকাৰ বাবে প্ৰকৃততে এ টি এম টোত কিমান ধন আছিল সেই সন্দৰ্ভত বেংক কৰ্তৃপক্ষ জ্ঞাত নহয়। উক্ত সময়ত এ টি এম টোত গ্ৰাহক নথকাৰ বাবে জনতাৰ কোনো ধৰণৰ ক্ষতি নহ'ল। ঘটনাৰ খবৰ পাই সোণাৰি অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈকে জুয়ে এটিএম টো ধ্বংস কৰে।
লগতে পঢক :কৰিমগঞ্জত আৰক্ষী,চিকিৎসা কৰ্মীক ফুলৰ মালাৰে সম্বৰ্ধনা কিয়