সোণাৰি, 24 অক্টোবৰ: দশম ৰাউণ্ডৰ অন্তত সোণাৰিত বিজেপিৰ অগ্ৰগতি ৷ মুঠ ১০৯২৯ ভোটত অগ্ৰগতি লাভ বিজেপিৰ ৷ তথ্য অনুসৰি চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ত চলি আছে ভোট গণনা। চলিত মাহৰ ২১ তাৰিখে সোনাৰি বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ আজি ভোট গণনা আৰম্ভ হয় ।
দশম ৰাউণ্ডৰ অন্তত সোণাৰিত বিজেপিৰ অগ্ৰগতি - উপনিৰ্বাচন ফলাফল:সোণাৰিত অগ্ৰগতিৰ দিশে বিজেপি
সোণাৰি সমষ্টিত বৰ্তমানলৈ ১০৯২৯ আসন লাভ বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ ৷
![দশম ৰাউণ্ডৰ অন্তত সোণাৰিত বিজেপিৰ অগ্ৰগতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4851289-thumbnail-3x2-pp.jpg)
চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়
চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়
৭১.৩০ শতাংশ ভোটদান হোৱা সমষ্টিটোত কংগ্ৰেছ দলৰ সুশীল চুৰী আৰু বিজেপি দলৰ নৱনীতা সন্দিকৈৰ মাজত তুমূল প্ৰতিদ্বন্দিতা । মুঠ ১৪ খন টেবুলত ১৪ টা ৰাউণ্ডত অনুষ্ঠিত হ'বলগীয়া ভোট গণনাত ইতিমধ্যে পোষ্টেল বেলটৰ গণনাত বিজেপি প্ৰাৰ্থীয়ে - ২৪টা আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে- ১৯ টা ভোট লাভ কৰিছে। নিৰ্বাচনী ফলাফল সন্দৰ্ভত সাংসদ তপন গগৈৰ মন্তব্য
উপ নিৰ্বাচনৰ ফলাফল
Last Updated : Oct 24, 2019, 3:19 PM IST