অসম

assam

ETV Bharat / state

সোণাৰিত নৈশ বাছৰ পৰা উদ্ধাৰ ৪৫ টা বন্দুক - sivsagar arms recovered from nagaland to kohima bus etb bharat assam

'লাকী' নামৰ নৈশ বাছখন সোণাৰিৰ চেনী গুদামৰ বাছ আস্থানত ৰৈ থকা অৱস্থাত সোণাৰি আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই বাছখনৰ পৰা বস্তাৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে বন্দুক কেইটা।

নৈশ বাছৰ পৰা উদ্ধাৰ ৪৫ টা বন্দুক
নৈশ বাছৰ পৰা উদ্ধাৰ ৪৫ টা বন্দুক

By

Published : Nov 29, 2019, 9:53 PM IST

সোণাৰি, 29 নৱেম্বৰ:সোণাৰি নগৰৰ চেনী গুদাম অঞ্চলত শুকুৰবাৰে সন্ধিয়া নগালেণ্ডৰ মনৰ পৰা কহিমালৈ যোৱা এখন নৈশ বাছৰ পৰা সোণাৰি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৪৫ টা বন্দুক । ঘটনাৰ বিৱৰণী মতে, চৰাইদেউ জিলাৰ গাতে লাগি থকানগালেণ্ডৰ মন' জিলাৰ পৰা কহিমালৈ যাত্ৰা কৰা ব্লু হিলছ ট্রেভেলচৰ অধীনত চলা এন এল ০৭-বি-০৩৯৯ 'লাকী'নামৰ নৈশ বাছখন সোণাৰিৰ চেনী গুদামৰ বাছ আস্থানত ৰৈ থকা অৱস্থাত সোণাৰি আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই বাছখনৰ পৰা বস্তাৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে বন্দুক কেইটা।

নৈশ বাছৰ পৰা উদ্ধাৰ ৪৫ টা বন্দুক

ঘটনা সন্দৰ্ভত বন্দুক সমূহৰ গৰাকী মন' জিলাৰখামপাং কন্যাক(৪০)য়ে জনোৱা মতে বন্দুকসমূহ মন' জিলাৰ পৰা নগালেণ্ডৰ ৰাজধানী কহিমাত অহা ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া 'হৰ্ণবিল' উৎসৱত অনুষ্ঠিত কৰিবলৈ লোৱা এক অস্ত্ৰ প্ৰদৰ্শনীৰ লৈ যোৱা হৈছিল। কিন্তু বন্দুকসমূহৰ কোনো বৈধ নথি পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাত চৰাইদেউ জিলাৰ উপ-আৰক্ষী অধীক্ষক মৃণাল ডেকাই বন্দুক সমূহ জব্দ কৰি থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ৷

লগতে পঢ়কঃৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ

ABOUT THE AUTHOR

...view details