অসম

assam

ETV Bharat / state

Land Dispute at Mahmara : ৰাজহ মন্ত্ৰীৰ সমষ্টিতে ভূমিকেন্দ্ৰিক সংঘাতক লৈ উত্তপ্ত পৰিস্থিতি - মাহমৰা ভূ মাফিয়া

ৰাজহ মন্ত্ৰীৰ নিজা সমষ্টিতে ভূমিকেন্দ্ৰিক সংঘাতক লৈ উত্তপ্ত পৰিস্থিতি ৷ ভূ-মাফিয়াৰ দপদপনিৰ অভিযোগ ৷ ভূমিকেন্দ্ৰিক সংঘাতক লৈ পঞ্চায়তৰ সভানেত্ৰীক প্ৰাণে মৰাৰ ভাবুকি বিজেপি কৰ্মীৰ ৷

Land Dispute at Mahmara
মাহমৰাত ভূমিকেন্দ্ৰিক সংঘাতক লৈ উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 4:59 PM IST

মাহমৰাত ভূমিকেন্দ্ৰিক সংঘাতক লৈ উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়, 8 নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে ভূ-মাফিয়াৰ দপদপনি । খোদ ৰাজহ মন্ত্ৰী যোগেন মহনৰ নিজা সমষ্টিতে সুৰক্ষিত নহয় মাটিৰ অধিকাৰ । ফলত ৰাজহ মন্ত্ৰীৰ নিজা সমষ্টিতে ভূমিকেন্দ্ৰিক সংঘাতৰ কাৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । খোদ বিজেপিৰ পঞ্চায়তৰ সভানেত্ৰীয়েই ভূ-মাফিয়াৰ কৱলত পৰাৰ কথা স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ আগত ।

ঘটনা অনুসৰি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বঁটামৰা চেচাঁপুখুৰী গাঁৱৰ সঞ্জীৱ শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী তথা খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে উত্তৰাধিকাৰী সূত্ৰে ২০১৫ চনত অবিভক্ত শিৱসাগৰ জিলা আয়ুক্ত (ৰাজহ)ৰ এগৰাকী অতিৰিক্ত আয়ুক্তৰ স্বাক্ষৰিত এখন ভূমি অধিকাৰীৰ আদেশ পত্ৰ লাভ কৰিছিল । ২৫০/২৫৬ দাগ নম্বৰৰ উক্ত ভূমি পৰৱৰ্তী সময়ত পঞ্চায়তৰ সভানেত্ৰী আৰু তেওঁৰ স্বামীয়ে ৰাজহ বিভাগক ২,৯৩,৫৫০ টকা নগদ টকা জমা দিয়ে আৰু পাচতে বিভাগীয় কৰ্তৃপক্ষৰ পৰা ম্যাদী পট্টা (নং ১১৮) লাভ কৰে ।

আনহাতে উক্ত ভূমিৰ ওপৰত জনৈক বৰুৱা উপাধিধাৰী লোক এজনে লগত গুণ্ডা বাহিনী লৈ কৌশলগতভাৱে আন এখন পট্টা উলিয়াই সঞ্জীৱ শৰ্মাৰ ভূমি বেদখল কৰি বেৰা নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । সেই বেৰা আঁতৰাবলৈ যাওঁতে পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মাক অশ্লীল শব্দ প্ৰয়োগেৰে অকথ্য গালি-গালাজ কৰা লগতে গুলীয়াই প্ৰাণে মৰাৰ অভিযোগ উত্থাপন কৰিছে সভানেত্ৰীগৰাকীয়ে । লগতে সেই ভূমি নিজা দখলত থকাৰ দাবী গগন বৰুৱাৰ ৷

আনহাতে বিগত জুলাই মাহতে উক্ত বিবাদমান ভূমি সন্দৰ্ভত তথ্য জনা অধিকাৰ আইনৰ অধীনত আয়ুক্ত কাৰ্যালয়ত তথ্য বিচাৰি আবেদন কৰিছিল যদিও বিগত চাৰি মাহে কোনো উত্তৰ আয়ুক্ত কাৰ্যালয়ে প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । জিলা প্ৰশাসনৰ এনে দুৰ্বল স্থিতিৰ বাবে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Illegal sand mining : অবৈধভাৱে বালি কঢ়িওৱা 10 চকীয়া বাহন বন বিভাগৰ জালত

ABOUT THE AUTHOR

...view details