অসম

assam

ETV Bharat / state

চৰাইদেউত নৱৰূপত স্বয়ম আচঁনিৰ প্ৰশিক্ষণৰ সফল সামৰণি - সফল সামৰণি

চৰাইদেউত ৮ ফেব্ৰুৱাৰীৰ পৰা জিলাখনৰ বিভিন্ন স্থানত নৱৰূপত স্বয়ম আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ বৃহস্পতিবাৰে সফল সামৰণি ।

চৰাইদেউত নৱৰূপত স্বয়ম আচঁনিৰ প্ৰশিক্ষণৰ সফল সামৰণি
চৰাইদেউত নৱৰূপত স্বয়ম আচঁনিৰ প্ৰশিক্ষণৰ সফল সামৰণি

By

Published : Feb 19, 2021, 11:52 AM IST

টিংখাং, ১৯ ফেব্ৰুৱাৰী: চৰাইদেউত ৮ ফেব্ৰুৱাৰীৰ পৰা জিলাখনৰ বিভিন্ন স্থানত নৱৰূপত স্বয়ম আঁচনিৰ প্ৰশিক্ষণৰ সফল সামৰণি ঘটে । এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলে অনুদান লাভ কৰে । সেইসকল হিতাধিকাৰীৰ কাৰণে অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ বৃহস্পতিবাৰে সফলতাৰে সামৰণি পৰে ।

চৰাইদেউত নৱৰূপত স্বয়ম আচঁনিৰ প্ৰশিক্ষণ

চৰাইদেউত সৰ্বমুঠ ২৫৫০ জন হিতাধিকাৰীয়ে প্ৰথম কিস্তিত ৩০,০০০ টকাকৈ এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে । পৰৱৰ্তী সময়ত তেঁওলোকৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি ২০,০০০ টকাকৈ পুনৰ লাভ কৰিব । অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানৰ তত্ত্বাৱধানত ১৪ গৰাকী মুখ্য প্ৰশিক্ষকে এই প্ৰশিক্ষণ প্ৰদান কৰে ।

স্বয়ম আচঁনিৰ প্ৰশিক্ষণৰ সফল সামৰণি

বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পশুপালন বিষয়া ডাঃ প্ৰাঞ্জলী শইকীয়া আৰু পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱা, সাপেখাতী মহাবিদ্যালয়ত পশুপালন বিষয়া ডাঃ সৌৰভজ্যোতি তালুকদাৰ আৰু ৰেচম বিভাগৰ পৰিদৰ্শক মেৰীলিনা মাৰাক, সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পশুপালন বিষয়া ডাঃ বুবুল গগৈ আৰু ডাঃ কেশৱ শ্যাম, মৰাণ মহাবিদ্যালয়ত চক্ৰ বিষয়া (সংলগ্ন) ভাৰতী বৰা আৰু পশুপালন বিষয়া ডাঃ পঞ্চানন পেগু, সোণাৰি মহাবিদ্যালয়ত পশুপালন বিষয়া ডাঃ শৰ্মিতা দলে আৰু কৃষি উন্নয়ন বিষয়া কল্পনা গগৈ, সোণাৰি বাণিজ্য মহাবিদ্যালয়ত পশুপালন বিষয়া ডাঃ মিনাক্ষী কলিতা আৰু কৃষি উন্নয়ন বিষয়া জেৰিফা উল্লাহ তথা সোণাৰি ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হস্ততাঁত- বস্ত্ৰশিল্প বিভাগৰ পৰিদৰ্শক প্ৰীতিমা চাংমাই আৰু এপাৰ্টৰ জিলা সমন্বয়ক ৰশ্মি সন্দিকৈয়ে মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:চিলাপথাৰৰ জনসভাৰ প্ৰস্তুতি বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details