মৰাণ,৫ জানুৱাৰী : পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰাজ্য় চৰকাৰৰ । ৰাজ্য়খনৰ পৰ্যটকৰ আকৰ্ষণৰ অন্য়তম কেন্দ্ৰ বিন্দু চৰাইদেউ জিলাত ৰাজ্য় চৰকাৰে শুভাৰম্ভ কৰিলে ২৫ কোটি টকাৰ এটা বিশেষ প্ৰকল্পৰ কাম । সোমবাৰে চৰাইদেউ জিলাত উপস্থিত হৈ অসম চৰকাৰৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ প্ৰত্নতাত্বিক স্থানৰ আন্তঃগাঁঠনি আৰু উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।
চৰাইদেউত ২৫ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন
পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে চৰাইদেউ জিলাত সোমবাৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ প্ৰত্নতাত্বিক স্থানৰ আন্তঃগাঁঠনি আৰু উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।
চৰাইদেউত ২৫ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন
চৰাইদেউৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে এই বৃহৎ পুঁজি মোকলাই দিছে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত,ৰাজহ মন্ত্ৰী যোগেন মহন,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে কেইবাজনো স্থানীয় বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক :অন্ধকাৰত ডুবিছে হিমা দাসৰ জন্মগাঁও
Last Updated : Jan 5, 2021, 3:09 PM IST