মৰাণ, ১ মে:কৰ’ণাৰ ভয়াৱহ সংক্ৰমণৰ বাবে এইবাৰো অসমৰ ভিন্ন প্ৰান্তত নহ'ল বিহুৰ অনুষ্ঠান । ডিব্ৰুগড জিলাত কেইবাখনো বিহু কমিটীয়ে বিহু উদযাপনৰ বাবে যো-জা চলাইছিল যদিও বাতিল কৰিব লগীয়া হ'ল কাৰ্যসূচী । অৱশ্যে বেলেগ কাৰ্যসূচী বাতিল কৰিলে কমিটীয়ে সাধাৰণভাৱে পতাকা উত্তোলনেৰে সমাপ্ত কৰি থলে বিহুৰ অনুষ্ঠান ।
আনুষ্ঠানিকতা ৰক্ষা কৰি উদযাপন ৰহনৰ সপ্তম দ্বি-বাৰ্ষিক বিহু সন্মিলন - BIHU PROGRAMME CANCEL DUE TO COVID SITUATION
সদৌ ৰহন ৰঙালী বিহু সন্মিলনেও দ্বি-বাৰ্ষিক বিহু উদযাপনৰ বাবে সাজু হৈছিল । কিন্তু কৰ'ণা পৰিস্থিতিৰ বাবে বাতিল কৰিলে বিহুৰ অনুষ্ঠান । মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি পতাকা উত্তোলন আৰু স্বহীদ তৰ্পন কৰি সামৰণি মাৰিলে সপ্তম দ্বি-বাৰ্ষিক বিহু সন্মিলনৰ ।
ঐতিহাসিক চৰাইদেউ জিলাৰ ৰহনতো একে দৃশ্য । সদৌ ৰহন ৰঙালী বিহু সন্মিলনেও দ্বি-বাৰ্ষিক বিহু উদযাপনৰ বাবে সাজু হৈছিল । কিন্তু কৰ'ণা পৰিস্থিতিৰ বাবে বাতিল কৰিলে বিহুৰ অনুষ্ঠান । মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি পতাকা উত্তোলন আৰু স্বহীদ তৰ্পন কৰি সামৰণি মাৰিলে সপ্তম দ্বি-বাৰ্ষিক বিহু সন্মিলন ।
কোষাধ্যক্ষ নোমল গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত পতাকা উত্তোলন কৰে স্থায়ী সমিতিৰ সভাপতি দুৰ্গেশ্বৰ বড়া আৰু স্বহীদ তৰ্পন কৰে স্থায়ী সমিতিৰ সম্পাদক কেশৱ গগৈয়ে । মূল অনুষ্ঠানৰ পাছতে স্থানীয় শিল্পী গীতিমণী বৰগোহাঁই আৰু প্ৰিয়ংকা আৰান্ধৰাই নৃত্য প্ৰদৰ্শন কৰে লগতে বলীন ৰহণ, মনোৰঞ্জন গগৈৰ লগতে বহুকেইগৰাকী স্থানীয় শিল্পীয়ে বিহু গীত পৰিবেশন কৰে । ইয়াৰ লগে লগে সপ্তম দ্বি বাৰ্ষিক সদৌ ৰহণ ৰঙালী বিহু সন্মিলনৰ সফল সমাপ্তি ঘটে ।
লগতে পঢ়ক:এসপ্তাহ ধৰি অন্ধকাৰত চিৰাং জিলাৰ সদৰ কাজলগাঁও