চৰাইদেউ,৩১ জুলাই:ভয়ংকৰ পথ দুৰ্ঘটনাত কঁপি উঠিল ঐতিহাসিক ধোদৰ আলি(Road accident in Charaideo) । চৰাইদেউৰ বৰহাটৰ ধোদৰ আলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । পথৰ ওপৰতে বাগৰি পৰিল এখন তীব্ৰ বেগী টাটা এচি গাড়ী । বৰহাটৰ পৰা কানুবাৰী অভিমুখে আহি আছিল বাহনখন ।
Road Accident at Borhat: ঐতিহাসিক ধোদৰ আলিত পথ দুৰ্ঘটনাত ২৫ গৰাকী মহিলা আহত - Road accident in Charaideo
চৰাইদেউৰ বৰহাটৰ ঐতিহাসিক ধোদৰ আলিত ভয়ংকৰ পথ দূৰ্ঘটনা(Road accident in Charaideo) । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২৫গৰাকীকৈ মহিলা(25 women injured in road accident) । তীব্ৰ বেগী টাটা এচি বাগৰি পৰাৰ ফলতে সংঘটিত হয় পথ দুৰ্ঘটনাটো ।
![Road Accident at Borhat: ঐতিহাসিক ধোদৰ আলিত পথ দুৰ্ঘটনাত ২৫ গৰাকী মহিলা আহত road accident at charaideo](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-15974719-1048-15974719-1659257551399.jpg)
চৰাইদেউৰ বৰহাটৰ ঐতিহাসিক ধোদৰ আলিত পথ দুৰ্ঘটনাত ২৫ গৰাকী মহিলা আহত
অকৰ্তৃত্বশীলভাৱে ২৫ গৰাকীতকৈয়ো অধিক মহিলা উঠাই আনিছিল বানখনত । দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় ২৫ গৰাকী মহিলা(25 women injured in road accident) । দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS04BC7634 । গুৰুতৰভাৱে আহত মহিলাকেইগৰাকীক প্ৰেৰণ কৰা হৈছে বৰহাট স্বাস্থ্যকেন্দ্ৰলৈ । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে বাহনখন ।
লগতে পঢ়ক:Assam girl kidnapped in Haridwar : হৰিদ্বাৰৰ পৰা অসমৰ যুৱতীক অপহৰণ