অসম

assam

ETV Bharat / state

চৰাইদেউত মন্ত্ৰী বিমল বৰাই বুজ ল'লে ক'ভিড পৰিস্থিতিৰ - জিলা উপায়ুক্ত কাৰ্যালয়

বৃহস্পতিবাৰে চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই । জিলাখনৰ ক'ভিড পৰিস্থিতিৰ বিষয়ে বুজ লয় মন্ত্ৰীগৰাকীয়ে । কৰ'ণাসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ।

Review meeting in Charaideo DC office
চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভাত অংশগ্ৰহণ মন্ত্ৰী বিমল বৰাৰ

By

Published : May 14, 2021, 1:52 PM IST

মৰাণ, ১৪ মে': ৰাজ্যত অব্যাহত থকা ভয়াৱহ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্যৰ নৱ নিৰ্বাচিত মন্ত্ৰীসকলক বিভিন্ন জিলাৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভাত অংশগ্ৰহণ মন্ত্ৰী বিমল বৰাৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি চৰাইদেউ জিলাৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে বুজ ল'বলৈ বৃহস্পতিবাৰে সোণাৰিত উপস্থিত হয় ক্ৰীড়া আৰু যুৱ কল্যাণ, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা । সোণাৰিস্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত তেওঁ অংশগ্ৰহণ কৰে ।

সভাত মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন আৰু খনিজ বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত থাকে । জিলাৰ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে মন্ত্ৰী বিমল বৰাই ।

লগতে পঢ়ক:ডিমা হাছাওত পুনৰ এজন কৰ'ণা আক্ৰান্তৰ মৃত্যু

ABOUT THE AUTHOR

...view details