গুৱাহাটী,21 ডিচেম্বৰঃ বৃক্ষবন্ধুৰ উদ্যোগত চৰাইদেউ মৈদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ বিশ্বৰ ভয়াৱহ সমস্যা জলবায়ু পৰিবৰ্তন আৰু পৰিৱেশ প্ৰদূষণৰ লগত সংগতি ৰাখি আয়োজন এই কাৰ্যসূচীৰ ৷ উদ্দেশ্য পৃথিৱীক এই সমস্যাৰ পৰা সকাহ দিয়াৰ লগতে ভাৰতৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা ৷ ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে ৷
বৃক্ষবন্ধুৰ উদ্যোগত চৰাইদেউৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা
জলবায়ু পৰিবৰ্তন আৰু পৰিৱেশ প্ৰদূষণৰ লগত সংগতি ৰাখি আয়োজন বৃক্ষবন্ধুৰ পদযাত্ৰাৰ কাৰ্যসূচী ৷ চৰাইদেউ মৈদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ এই পদযাত্ৰাৰ অন্যতম উদ্দেশ্য হৈছে পৰিৱেশ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক এখন স্মাৰকপত্ৰ প্ৰদান কৰা ৷
চৰাইদেউৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা বৃক্ষবন্ধুৰ
এই পদযাত্ৰাৰ অন্যতম উদ্দেশ্য হৈছে পৰিৱেশ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক এখন স্মাৰকপত্ৰ প্ৰদান কৰা ৷ উক্ত কাৰ্যসূচীত নিজৰা ফুকনক সহযোগ কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ কন্যা মুনমুনী পায়েং,নগাঁৱৰ পৰিৱেশকৰ্মী পংখী বৰাই ৷ শনিবাৰে দুপৰীয়া দলটো উপস্থিত হয় যোৰাবাটত ৷ স্থানীয় ৰাইজ তথা যান-বাহন আৰক্ষীয়ে দলটোক অভিনন্দন জ্ঞাপন কৰে ৷
লগতে চাওকঃ"ৰাম'জী ফিল্ম চিটি" পৰিদৰ্শন কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে