অসম

assam

ETV Bharat / state

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মানচিত্ৰৰ পৰা হেৰাই গ'ল চৰাইদেউৰ লংপতীয়া ষ্টেচন - লংপতীয়া ষ্টেচন

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মানচিত্ৰৰ পৰা হেৰাল লংপতীয়া ষ্টেচন ৷ লংপতীয়া ষ্টেচন পুনৰ কাৰ্যক্ষম নকৰিলে ৰে'ল অবৰোধ কৰাৰ হুংকাৰ ৰাইজৰ ৷

Longpotia Railway Station in Charaideo
ৰে'ল অবৰোধ কৰাৰ হুংকাৰ

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 4:25 PM IST

Updated : Nov 27, 2023, 4:36 PM IST

মানচিত্ৰৰ পৰা হেৰাল লংপতীয়া ষ্টেচন

ডিব্ৰুগড়, 27 নৱেম্বৰ : সমগ্ৰ দেশতে যাতায়ত ব্যৱস্থাৰ দ্ৰুত উন্নয়নৰ বাবে ৰে'ল বিভাগে বিভাগটোৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ অমৃত ভাৰত ষ্টেচনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আধুনিকীকৰণ কৰিবলৈ লোৱা দেশৰ 1,275 টা ষ্টেচনৰ ভিতৰত অসমৰ আছে 49 টা ৰে’ল ষ্টেচন ৷ কিন্তু তেনে সময়তে উত্তৰ-পূব সীমান্তৰ তিনিচুকীয়া ৰে'ল সংমণ্ডলৰ অধীনৰ, চৰাইদেউ জিলাৰ অন্তৰ্গত অন্যতম ৰে'ল ষ্টেচন লংপতীয়া ৰে'ল ষ্টেচনৰ নাম কৰ্তন কৰিছে বিভাগে ৷

কিন্তু লংপতীয়াৰ এই ষ্টেচনটোৰ পৰা শিমলুগুৰি, নামৰূপ, সাপেখাতী, ভজো আদি ষ্টেচন সমূহৰ দুৰত্ব বহু বেছি ৷ যাৰ বাবে চৰাইদেউ জিলাত ৰে'ল সেৱা আৰম্ভ হোৱা সময়তেই লংপতীয়াত বহু পুৰণি এই ষ্টেচনটো নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু উত্তৰ-পূব সীমান্তৰ ৰে'লৱে মানচিত্ৰৰ পৰা এই ষ্টেচনটো বিলুপ্তিৰ পাছত অঞ্চলটোৰ প্ৰায় 11 খন গাঁৱৰ ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে ৷ শ শ ৰাইজে ৰে'লেৰে যাত্ৰা কৰা এই ষ্টেচনটোৱেই একমাত্ৰ সম্বল আছিল ৷

কিন্তু ৰে'ল বিভাগে ৰে'ল ষ্টেচনটো বন্ধ কৰি দিয়াত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সাংসদ তপন কুমাৰ গগৈক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷ কিন্তু ৰাইজৰ দাবীক এতিয়াও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ যদি ৰে'ল বিভাগে লংপতীয়া ৰে'লৱে ষ্টেচনটো পুনৰ কাৰ্যক্ষম নকৰে তেন্তে ৰে'ল অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷

ক্ষোভিত ৰাইজে কয় যে, ষ্টেচনটোত ৰে’ল নৰখোৱাৰ বাবে যাতায়তৰ ক্ষেত্ৰত স্থানীয় লোকসকল অসুবিধাৰ সন্মুখীন হৈছে ৷ ৰে’ল বিভাগ, সাংসদ, বিধায়ক সকলোকে বহু অনুৰোধ, আবেদন-নিবেদন কৰাৰ পিছতো কোনো সুফল ৰাইজে লাভ কৰা নাই ৷ সেয়েহে এটা সপ্তাহৰ ভিতৰত ইয়াৰ সদুত্তৰ নাপালে 11খন গাঁৱৰ ৰাইজে ৰে’ল অৱৰোধৰ দৰে কাৰ্যসূচী হাতত ল’ব বুলি সকীয়াই দিয়ে ৷

লগতে পঢ়ক :তিনিচুকীয়াত বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণ উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ

Last Updated : Nov 27, 2023, 4:36 PM IST

ABOUT THE AUTHOR

...view details