অসম

assam

ETV Bharat / state

HSLC-HS পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত শিক্ষা-সাংস্কৃতিক সমাজৰ প্ৰতিবাদ - সাপেখাতীত প্ৰতিবাদী কাৰ্যসূচী

হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) আৰু উচ্চতৰ মাধ্যমিক(HS)ৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত চৰাইদেউৰ সাপেখাতীত শিক্ষা-সাংস্কৃতিক সমাজৰ প্ৰতিবাদ । ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰক দাবী জনালে প্ৰতিবাদকাৰীসকলে ।

Protest in demand of held HSLC, HS examination in Moran
হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পতাৰ দাবীত চৰাইদেউৰ সাপেখাতীত প্ৰতিবাদ

By

Published : Jul 9, 2021, 3:50 PM IST

মৰাণ, ৯ জুলাই: শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু(Dr. Ranoj Pegu)ৱে শেহতীয়াকৈ ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) আৰু উচ্চতৰ মাধ্যমিক(HS)ৰ চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ বিষয়ে ঘোষণা কৰাৰ পিছতে অসন্তুষ্টি ব্যক্ত কৰিছে ছাত্ৰ সংগঠনৰ লগতে বিভিন্ন ৰাজনৈতিক দল আৰু আন সংগঠনসমূহে । শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে বৃহস্পতিবাৰে চৰাইদেউৰ সাপেখাতীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষা-সাংস্কৃতিক সমাজৰ চৰাইদেউ জিলা সমিতিৰ সদস্যসকলে । দেশত অব্যাহত থকা কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ বাবে ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা চৰকাৰে পৰীক্ষা বাতিল কৰি ফলাফল নিৰ্ণয় কৰা সন্দৰ্ভত যি সিদ্ধান্ত লৈছে তাক লৈ মুঠেও সন্তুষ্ট নহয় অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল ।

চৰকাৰৰ এই সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব বুলি বহু লোকে অভিযোগ উত্থাপন কৰিছে । চৰকাৰ তথা শিক্ষা বিভাগৰ সিদ্ধান্তৰ বাবে প্ৰায় সাত লাক ছাত্ৰ-ছাত্ৰীয়ে অনিশ্চয়তাত ভোগা পৰিলক্ষিত হৈছে । সেয়ে, চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে শিক্ষা-সাংস্কৃতিক সমাজৰ চৰাইদেউ জিলা সমিতিয়ে সাপেখাতী মেডিকেল তিনিআলিত প্ৰতিবাদ সাব্যস্ত কৰে ।

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পতাৰ দাবীত চৰাইদেউৰ সাপেখাতীত প্ৰতিবাদ

অতি শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পতাৰ ব্যৱস্থা কৰক, শিক্ষাৰ অধিকাৰ আমাক লাগে, সামাজিক দূৰত্ব মানি চলিম, স্কুল-কলেজ খুলি দিয়ক, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰাৰ অধিকাৰ চৰকাৰৰ নাই আদি বিভিন্ন দাবী সম্বলিত প্লে'কাৰ্ড হাতে হাতে লৈ প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষা-সাংস্কৃতিক সমাজৰ সদস্যসকলে । চৰকাৰৰ সিদ্ধান্তই শিক্ষাৰ্থীসকলক হতাশ কৰিব বুলিও তেওঁলোকে অভিযোগ তুলিছে । বিশেষকৈ মাৰ্কশ্বীট সন্দৰ্ভত শিক্ষা বিভাগে গ্ৰহণ কৰা নীতিৰো সমালোচনা কৰে শিক্ষা-সাংস্কৃতিক সমাজৰ সদস্যসকলে ।

উল্লেখ্য যে, ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰা হৈছে ৷ পৰীক্ষা বাতিল কৰাৰ পাছত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ণ পদ্ধতিৰ বাবে চৰকাৰে দুখন উচ্চস্তৰীয় কমিটী গঠন কৰি দিছিল । শেহতীয়াকৈ শিক্ষা বিভাগে ঘোষণা কৰিছিল যে, বিশেষ মূল্যাংকন পদ্ধতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত মান্যতা দিয়া নহ'ব ।

লগতে পঢ়ক:বিশ্বনাথত পাৱাৰ ৱৰ্কাছ ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী

ABOUT THE AUTHOR

...view details