অসম

assam

ETV Bharat / state

ডাৰ্বি চাহ বাগিছাৰ গান্ধী এম ই স্কুলত প্ৰতিবাদ সাব্যস্ত

চাউল আৰু মটৰৰ মাজত পোৱা গৈছে ডাঙৰ ডাঙৰ পোক ৷ ক্ষুব্ধ হৈ উঠিছে স্থানীয় ৰাইজ । প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে অভিযোগ

ডাৰ্বি চাহ বাগিছাৰ গান্ধী এম ই স্কুলত প্ৰতিবাদ সাব্যস্ত

By

Published : Sep 16, 2019, 5:54 PM IST

কাছাৰ, 16 চেপ্তেম্বৰ : বিদ্যালয়ত মজুত কৰি ৰখা কেইবা বস্তা চাউল আৰু মটৰৰ মাজত পোৱা গৈছে ডাঙৰ ডাঙৰ পোক ৷ ইয়াকে লৈ কাছাৰৰ নৰসিংহপুৰ শিক্ষা খণ্ডৰ অধীনত থকা ডাৰ্বি চাহ বাগিছাৰ গান্ধী এম ই স্কুলত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ স্কুলৰ মধ্যাহ্ন ভোজনৰ চাউল, মটৰ আদিত পোক পোৱাৰ ঘটনা লৈ ক্ষুব্ধ হৈ উঠিছে স্থানীয় ৰাইজ । চাহ বাগিছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলক এইবোৰ খাবলৈ দি বেমাৰৰ পথত ঠেলি দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে ৰাইজে । এই সন্দৰ্ভত প্ৰশাসন আৰু শিক্ষা বিভাগৰ কৰ্মকৰ্তাসকলক জনাইছে যদিও একো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে ।

ডাৰ্বি চাহ বাগিছাৰ গান্ধী এম ই স্কুলত প্ৰতিবাদ সাব্যস্ত

কেৱল কাছাৰতেই নহয় অসমৰ বিভিন্ন স্থানত সংঘটিত আহিছে অনুৰূপ ঘটনাৰ ৷ এই ক্ষেত্ৰত বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত হৈ আহিছে যদিও বিষয়টোত লাভ কৰা হোৱা নাই স্থায়ী সমাধান ৷ পৰৱৰ্তী পৰ্যায়ত এই সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা হাতত ল’ব সেইটো সময়েহে ক’ব ৷

ABOUT THE AUTHOR

...view details