নিউজ ডেস্ক, 12 ডিচেম্বৰ: ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিচতে অধিক ভয়াৱহ হৈ পৰিছে অসমৰ পৰিস্থিতি ৷ ৰঙিয়াত প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা আৰক্ষীৰ ৷ প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ শূণ্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে ৷ শতাধিক প্ৰতিবাদকাৰীয়ে বিধায়ক ভৱেশ কলিতাৰ ঘৰ ঘেৰাও কৰাৰ সময়তে অপ্ৰতিকৰ ঘটনা ৷ আন্দোলনকাৰীৰ ভূমিকা লৈ কোনো দুষ্কৃতিকাৰীয়ে বিধায়ক বাসগৃহলৈ শিল দলিওৱাৰ লগতে সন্মুখতে থকা পেট্ৰ'ল পাম্প জ্বলাই দিয়াৰ চেষ্টা চলায় ৷ কেব বিৰোধী আন্দোলনক বিপথগামী কৰিবলৈ চেষ্টা চলায় আছে একাংশ দুষ্কৃতিকাৰীয়ে ৷
সমান্তৰালকৈ মিৰ্জাতো প্ৰতিবাদকাৰীক লাঠিচালনা আৰক্ষীৰ ৷ ইমানতে শান্ত নাথাকি প্ৰতিবাদকাৰীলৈ ৰবৰৰ গুলীৰ লগতে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূণ্যলৈ চলালে তিনিজাঁইকৈ গুলী ৷ আহত কেইবাজনো প্ৰতিবাদকাৰী ৷
চৰাইদেউ জিলাৰ সোণাৰিৰ সোণাৰি মহাবিদ্যালয়ৰ সন্মুখতো উত্তেজনা ৷ স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে শ শ সাধাৰণ জনতা ৷ প্ৰতিবাদ ৰোধ কৰিবলৈ আৰক্ষীয়েশূণ্যলৈ গুলীচলোৱাৰ লগতে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰে ৷ আৰক্ষীৰলাঠিচালনাত আহত হয় এগৰাকী মহিলা৷