অসম

assam

ETV Bharat / state

চলা সংৰক্ষিত বনাঞ্চলত গছ ধ্বংসক লৈ ব্যতিক্ৰমী প্ৰতিবাদ - চলাপথাৰ গ্ৰাম্য অভয়াৰণ্য

চৰাইদেউ জিলাৰ চলাপথাৰ গ্ৰাম্য অভয়াৰণ্যত এচাম দুষ্টচক্ৰৰ দুষ্কাৰ্য । দুষ্টচক্ৰ‌ই এজোপা গছ কটাৰ পৰিবৰ্তে ২০ জোপাকৈ মূল্যবান গছ ৰোপণেৰে বনাঞ্চলখন সেউজ কৰাৰ প্ৰয়াসেৰে এক ব্যতিক্ৰমী প্ৰতিবাদ প্ৰকৃতিপ্ৰেমীৰ ।

Sivsagar
চলা সংৰক্ষিত বনাঞ্চলত গছ ধ্বংসক লৈ ব্যতিক্ৰমী প্ৰতিবাদ

By

Published : Jun 30, 2020, 7:25 PM IST

শিৱসাগৰ, 30 জুনঃ 24 জুনৰ নিশা আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চলা গ্ৰাম্য সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ ব্যৱসায়ীয়ে মূল্যৱান গছ কাটি লৈ যোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় প্ৰতিক্ৰিয়া । উক্ত দুষ্টচক্ৰৰ শাস্তি বিচাৰি চলা ভিলেইজ চেনচুৱেৰী কনজাৰভেচন চচাইটিয়ে চৰাইদেউ জিলা প্ৰশাসনক দৃষ্টিগোচৰ কৰাৰ লগতে মথুৰাপুৰ আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়কঃ"Work from home" ৰ দ্বাৰা নিলাম কৰা হ'ব ৰাজ্যৰ চাহপাত

আনহাতে বনাঞ্চলখনত পৰ্যাপ্ত পৰিমাণে বন কৰ্মচাৰী নথকাৰ সুযোগতে দুষ্টচক্ৰই অতি মূল্যৱান গছসমূহ চুৰি কৰাৰ ফলত বনাঞ্চলখন ধ্বংস হ'বলৈ ধৰিছে। উল্লেখনীয় যে বন বিভাগৰ সহযোগত এই ছ'চইটিখনে ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত ২০১৯ বৰ্ষত প্ৰায় ৫০০০ হাজাৰৰো অধিক গছ পুলি ৰোপনেৰে গ্ৰাম্য বনাঞ্চলখন উজ্জীৱিত কৰাত প্ৰচেষ্টা হাতত লৈ আহিছে । তেনে পৰিপ্ৰেক্ষিতত এচাম দুষ্টচক্ৰৰ এই দুষ্কাৰ্য‌ই প্ৰকৃতিপ্ৰেমীসকলক চিন্তিত কৰি তুলিছে।

ABOUT THE AUTHOR

...view details