মৰাণ, 21 ফ্ৰেব্ৰুৱাৰী: টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনাইছে আহোম জাতীয় মহাসভাই ৷ মৰাণৰ মৰাণ টাই অধ্যয়ন আৰু গৱেষণা চেন্টাৰত দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই তথ্য সদৰি কৰে সংগঠনটোৱে (Ahom Jatiya Mahasabha Press Meet) ৷ সংবাদমেলত আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কনচেং বাইলুঙ, সাধাৰণ সম্পাদক অনন্ত গগৈসহ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াত কেইটামান জনগোষ্ঠীৰ কামকাজ আগবাঢ়ি গৈছে যদিও আহোম জনগোষ্ঠীটোৰ কামকাজ আগবঢ়া নাই বুলি আহোম জাতীয় মহাসভাৰ বিষয়ববীয়াই অভিযোগ কৰে সংবাদমেলত (Demanding Tribalisation of Tai Ahom community) ।