অসম

assam

ETV Bharat / state

আশীৰ্বাদ যাত্ৰাৰ অৰ্থ বুজি পোৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই - ক’ভিড আক্ৰান্ত

সৰ্বানন্দ সোণোৱালক লৈ বিজেপিয়ে কৰা আশীৰ্বাদ যাত্ৰাক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ আজিৰ দিনত গুৱাহাটীত সৰ্বানন্দ সোণোৱালৰ পাচপ’ৰ্ট চাইজৰ ফটোও দেখিবলৈ পোৱা নাযায় বুলি কৈ ভূপেন বৰাই কয় ৷

president-of-bhupen-borah-criticized-ashirbad-yatra-of-bjp
আশীৰ্বাদ যাত্ৰাৰ অৰ্থ বুজি পোৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

By

Published : Aug 22, 2021, 7:16 PM IST

মৰাণ, 22 আগষ্ট : উপ-নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে সৰ্বানন্দ সোণোৱালক লৈ ৰাজ্যজুৰি আৰম্ভ কৰা আশীৰ্বাদ যাত্ৰাক তীব্ৰ সমালোচনা কৰিছে বিৰোধী কংগ্ৰেছ দলৰ নতুন সভাপতি ভূপেন বৰাই । সভাপতিজনে কয়, আশীৰ্বাদ যাত্ৰাৰ অৰ্থ মই বুজি পোৱা নাই । ৰাইজে সৰ্বানন্দ সোণোৱালক মাজুলীৰ বিধায়ক হৈ অসমৰ মুখ্যমন্ত্ৰী হ'বলৈহে আশীৰ্বাদ দিছিল ।ৰাইজে সোণোৱালক মুখ্যমন্ত্ৰী আসনৰ পৰা নমোৱা নাই ।

ইয়াৰ উপৰিও তেওঁ কয়, বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মা আৰু ৰণজিৎ দাসৰ ফটোতকৈ সৰ্বানন্দ সোণোৱালৰ ফটোখন ডাঙৰ আছিল ৷ কিন্তু আজিৰ দিনত গুৱাহাটীত সৰ্বানন্দ সোণোৱালৰ পাচপ’ৰ্ট চাইজৰ ফটোও দেখিবলৈ পোৱা নাযায় বুলি কৈ ভূপেন বৰাই কয় ৷

আশীৰ্বাদ যাত্ৰাৰ অৰ্থ বুজি পোৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

লগতে পঢ়কঃ ৰাজনৈতিক নেতাই অধিকাৰ কৰিলে ৰাখীৰ বজাৰ !

লগতে তেওঁ কয় যে, যি সময়ত সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হৈ মাজুলীবাসীৰ লগতে অসমৰ ৰাইজক সেৱাৰ জৰিয়তে আশীৰ্বাদ দিব লাগিছিল, তাৰ পৰিৱৰ্তে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে কিয় ৰাইজৰ আশীৰ্বাদ বিচাৰি ৰাজ্যজুৰি ঘুৰিব লগা হৈছে তাৰ অৰ্থহে বুজি পোৱা নাই । সভাপতিৰ দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে চৰাইদেউ জিলাত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিজেপিৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰাই তিনিটা দিনত ৰাজ্যৰ ছয়খন জিলাৰ ৩৭৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিব । কিন্তু ৰাজ্যৰ ক’ভিড পৰিস্থিতি‌ প্ৰশমিত নৌহওঁতেই ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দৰে ৰাজনীতিক এজনে আৰম্ভ কৰা ৰাজনৈতিক কাৰ্যসূচীয়ে সচেতন নাগৰিকক সম্প্ৰতি স্তম্ভিত কৰিছে ।

প্ৰশ্ন উঠিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও প্ৰতিদিনে প্ৰাণ হেৰুৱাই আছে ক’ভিড আক্ৰান্তই । তাৰপাচতো এনেদৰে শ শ মানুহ একলগ হৈ কৰা যাত্ৰাই জানো ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি নকৰিব তাকলৈও এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে ভিন্নজনৰ মাজত ৷

লগতে পঢ়কঃ কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ লক্ষ্ণৌত উপস্থিত প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details