অসম

assam

ETV Bharat / state

ক'ভিড ৰোগীৰ বাথ ৰুমৰ পানী সোমাল পৰীক্ষাগাৰত, কেনেকৈ ? - চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঠনি

ক'ভিড জটিল পৰিস্থিতিৰ মাজতে চৰাইদেউ জিলাৰ সাপেখাতী আদৰ্শ চিকিৎসালয়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে সাপেখাতী আদৰ্শ চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঠনিৰ বাবে ক'ভিড ৰোগীয়ে ব্যৱহাৰ কৰা বাথ ৰোমৰ পানী পৰীক্ষাগাৰত সোমায় ৷

poor infrastructure of cheraidoi Sapakhati Model Hospital
ক'ভিড ৰোগীৰ বাথ ৰুমৰ পানী সোমাল পৰীক্ষাগাৰত

By

Published : Jun 29, 2021, 6:28 AM IST

মৰাণ, 29 জুন : যি সময়ত সমগ্ৰ বিশ্বতে ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰ কিম্বা প্ৰশাসনে পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে ঠিক তেনে সময়তে ৰাজ্যত সংঘটিত হৈছে ক’ভিড চিকিৎসালয়ত ৰোগী উন্নত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ আন এক ঘটনা । ক'ভিডৰ জটিল পৰিস্থিতিৰ মাজতে চৰাইদেউৰ সাপেখাতী আদৰ্শ চিকিৎসালয়ত বহু ৰোগী চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই পৰিস্থিতি সৃষ্টি হৈছে চিকিৎসালয়খনৰ দুৰ্বল আন্তঃগাঠনিৰ বাবে ৷

ক'ভিড ৰোগীৰ বাথ ৰুমৰ পানী সোমাল পৰীক্ষাগাৰত

জানিব পৰা মতে ক'ভিড ৰোগীয়ে ব্যৱহাৰ কৰা বাথ ৰুমৰ পানী নিগৰি চিকিৎসালয়ৰ পৰীক্ষাগাৰৰ কক্ষত সোমায় ৷ যাৰ বাবে চিকিৎসালয়ত পৰীক্ষা নকৰি বহু ৰোগীয় উভতি যাবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ৷ ২০১৬ চনত নিৰ্মাণ কৰা হৈছিল চৰাইদেউ জিলাৰ সাপেখাতী আদৰ্শ চিকিৎসালয় ।

উল্লেখ্য যে, চিকিৎসালয় খন নিৰ্মাণ কৰা 5 বছৰ সম্পূৰ্ণ নওঁতেও চিকিৎসালয় গৃহৰ প্ৰথম মহলাৰ ফ্ল’ৰত ফাঁট মেলা পৰিলক্ষিত হয় ৷ ইয়াৰ পাচতে অতি নিম্ন মানৰ কাম সম্পাদন কৰি চিকিৎসালয়খন নিৰ্মাণ কৰাৰ অভিযোগ তুলি এই ঘটনাক বৃহত্তৰ অসমীয়া যুৱ মঞ্চই তীব্ৰ গৰিহণা দিয়ে ৷

চিকিৎসালয়খনৰ পৰীক্ষাগাৰৰ এনে কদৰ্যময় পৰিৱেশৰ বাবে এতিয়া চিকিৎসালয়খনত থকা আন আন ৰোগীসকলৰ মাজত এতিয়া এক আতংকই বিৰাজ কৰিছে ৷

লগতে পঢ়ক: অহা বৰ্ষত আৰম্ভ হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয় পাঠ্যক্ৰম

ABOUT THE AUTHOR

...view details