অসম

assam

ETV Bharat / state

Poor condition of school: শিক্ষাখণ্ডৰ ফোঁপোলা স্বৰূপ; শ্ৰেণীকোঠাত নহয় ৰান্ধনীশালত পাঠদান শিক্ষীৰ্থীক - ৰান্ধনীশালত পাঠদান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দুটা বছৰত নিজকে 100 নম্বৰ দিয়াৰ পিচতে পোহৰলৈ আহিছে চৰকাৰৰ হাতোৰাই ঢুকি নোপোৱা এখন বিদ্যালয়ৰ অবৰ্ণনীয় পৰিস্থিতি (Poor condition of Sonari Adarsha primary school) ৷ শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ এৰি ৰান্ধনীশালত পাঠদান কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীক ৷

Poor condition of school
শ্ৰেণীকোঠাত নহয় ৰান্ধনীশালত পাঠদান শিক্ষীৰ্থীক

By

Published : May 20, 2023, 6:25 PM IST

শ্ৰেণীকোঠাত নহয় ৰান্ধনীশালত পাঠদান শিক্ষীৰ্থীক

মৰাণ, 20 মে’:"আমাৰ বিদ্যালয়খনৰ নামটোহে আদৰ্শ হৈ আছে ৷ বিদ্যালয়ৰ ভিতৰত সোমাই চালে আপোনালোকে দেখিব কদৰ্যময় পৰিৱেশ আৰু দুৰ্গন্ধময় পৰিৱেশৰ মাজত আমি ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰি থাকিব লগীয়া হৈছে ৷" বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰকাশ কৰে এই মন্তব্য (Poor condition of school) ৷

চৰাইদেউ জিলাৰ সোণাৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অবৰ্ণনীয় পৰিস্থিতি (Poor condition of Sonari Adarsha primary school) ৷ শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ এৰি ৰান্ধনীশালত পাঠদান কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীক ৷ বিদ্যালয়ৰ এটা শ্ৰেণীকোঠাতেই পাঠদানৰ সমান্তৰালকৈ চলিছে মধ্যাহ্ন ভোজনৰ ৰন্ধন কাৰ্য (Poor Condition Of Education department) ৷

অভিযোগ অনুসৰি এই বিদ্যালয়খনত দীৰ্ঘদিন ধৰি চলি আহিছে এই পৰিস্থিতি ৷ বিদ্যালয়খনৰ কাষতে থকা প্ৰতিবেশীসকলে ঘৰৰ দেৱাল ভাঙি শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ পানী বিদ্যালয়খনৰ ফালে এৰি দিয়ে ৷ ফলত দুৰ্গন্ধময় লেতেৰা পানীৰে ভৰি পৰে বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ ৷ সেই সময়ত বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি শিক্ষীৰ্থীসকল থাকিব নোৱাৰা হয় ৷ ইয়াৰ পূৰ্বে কেইবাবাৰো শিক্ষাৰ্থীসকলৰ অভিভাৱকে আহি শ্ৰেণীকোঠাসমূহ চাফা কৰি থৈ যায় ৷

ইফালে শেহতীয়াকৈ বৰষুণ হৈ থকাৰ ফলত এই বিদ্যালয়খনৰ শ্ৰেণীকোঠাত পানী সোমোৱাত এতিয়া এনেদৰেই ৰান্ধনীশালত পাঠদান কৰিছে শিক্ষাৰ্থীসকলক ৷ আনহাতে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰা হৈছে যদিও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এতিয়া ছাত্ৰ-ছাত্ৰীসকলক পাঠদানত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বিদ্যালয়খনৰ কৰ্তৃপক্ষ ৷ ইফালে বিদ্যালয়খনত গঢ়ি উঠা কদৰ্যময় পৰিৱেশৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়খনৰ পৰা লৈ যোৱা বুলিও জানিব পৰা গৈছে ৷

মন কৰিবলগীয়া যে, যি সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে সোণাৰি নগৰৰ মাজমজিয়াত থকা এখন আদৰ্শ বিদ্যালয়ত সৃষ্টি হোৱা এনে ধৰণৰ সমস্যাই চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ ফোঁপোলা স্বৰূপটোকে উদঙাইছে ৷

লগতে পঢ়ক:Assam govt completed 2 years: দুটা বছৰ সম্পূৰ্ণ কৰা নিজৰ চৰকাৰখনক মুখ্যমন্ত্রীয়ে কিমান নম্বৰ দিলে

ABOUT THE AUTHOR

...view details