অসম

assam

By

Published : Jul 5, 2022, 8:59 PM IST

ETV Bharat / state

উন্নয়নে ঢুকি পোৱা নাই মাহমৰা বৰবিল প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰক

পঁয়া লাগিছে মাহমৰা বৰবিল প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত (Poor condition of Primary Health center of Mahmora)৷ প্ৰয়োজনৰ সময়ত পোৱা নাযায় সাধাৰণ ঔষধ এটাও ৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷

Poor condition of Primary Health center of Mahmora
পঁয়া লাগিছে মাহমৰা বৰবিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত

মৰাণ, ৫ জুলাই : এফালে ৰাজ্যত বিজেপি চৰকাৰৰ উন্নয়নৰ জয়গান আৰু আনফালে ৰাজ্যত দৃশ্যিত ইয়াৰ বিপৰীত ছবি ৷ উন্নয়নৰ শ্ল'গান দি থকা চৰকাৰৰ দিনত চৰাইদেউ জিলাৰ ১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পুতৌলগা অৱস্থাই চকু কপালত তুলিছে সৰ্বসাধাৰণ ৰাইজৰ ৷

আন্তঃগাথঁনিৰ উন্নয়নৰ অভাৱত এতিয়া জৰাজীৰ্ণ ৰূপ লৈছে মাহমৰাৰ বৰবিল প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৱে । যাক ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ উল্লেখ্য যে, বিগত ২০০৬ চনতেই বিধায়ক শৰৎ শইকীয়াই উদ্বোধন কৰিছিল উপ স্বাস্থ্যকেন্দ্ৰটো ৷ পৰৱৰ্তী সময়ত ২০১৮ চনত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত মন্ত্ৰী যোগেন মহনে উদ্বোধন কৰিছিল বৰবিল প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ হিচাপে (Borbil Primary Health Centre)।

পঁয়া লাগিছে মাহমৰা বৰবিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত

কিন্তু বৰ্তমান এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অৱস্থা তথৈবচ । মাত্ৰ এগৰাকী চিকিৎসক তথা দুগৰাকী জিএনএমৰ দ্বাৰাই পৰিচালিত হৈ আহিছে স্বাস্থ্যকেন্দ্ৰটো । যাৰ ফলত স্বাস্থ্য কেন্দ্ৰটোত থকা একমাত্ৰ চিকিৎসকগৰাকী যদি কোনো জৰুৰী কামত বাহিৰলৈ যাবলগীয়া হয়, তেতিয়া অঞ্চলটোৰ ৰোগী প্ৰাথমিক চিকিৎসাৰ পৰাও বঞ্চিত হয় ।

ইফালে প্ৰয়োজনীয় ঔষধ আদিৰ অভাৱ হোৱা বাবেও ৰোগীক সাধাৰণ চিকিৎসাখিনি প্ৰদান কৰিবলৈ অপাৰগ কৰ্মৰত চিকিৎসক তথা নাৰ্ছসকল । যাৰ পৰিপ্ৰেক্ষিতত অতিশীঘ্ৰে বৰবিল প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আন্তঃগাথঁনি উন্নয়ন তথা চিকিৎসক নিযুক্তি আৰু ঔষধ যোগানৰ দাবী উত্থাপন কৰিছে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই ।

লগতে পঢ়ক :মিছমাৰীত বেলশিৰি নৈত বান্ধ দি খহনীয়া প্ৰতিৰোধত নামিল ৰাইজ

ABOUT THE AUTHOR

...view details