অসম

assam

By

Published : Aug 6, 2022, 5:16 PM IST

ETV Bharat / state

Policeman arrested in Sonai: 25 নং অসম বেটেলিয়ানৰ জোৱানৰ হাতত লাগিল হেণ্ডকাফ

কোন দিশে ৰাজ্যৰ শাসন ব্যৱস্থা ? প্ৰকৃতাৰ্থত কি হৈ আছে অসমত ! জনগণৰ স্বাৰ্থত নিয়োজিত হৈ থকা আৰক্ষীক, আৰক্ষীয়েই আটক কৰিব লগা পৰিস্থিতি আহি পৰিছে ৷ এইবাৰ সোণাৰি আৰক্ষীয়ে আটক কৰিছে এগৰাকী আৰক্ষীক (Sonari police arrested Police)৷ কিন্তু কিয় ?

Sonari police arrested Police
সোণাৰি আৰক্ষীৰ জালত 25 নং অসম বেটেলিয়ন জোৱান

ডিব্ৰুগড়, 6 আগষ্ট :আৰক্ষীয়ে চোৰ ধৰা দেখিছে, ডকাইত ধৰা দেখিছে ৷ ড্ৰাগছ ব্যৱসায়ীক গুলীচালনা কৰাও দেখিছে ৷ কিন্তু আৰক্ষীয়ে আৰক্ষীক আটক কৰা দেখিছে নে ? এই কাণ্ড ঘটিছে এইবাৰ আৰক্ষীৰ জালত পৰিল জনগণৰ স্বাৰ্থত নিয়োজিত হৈ থকা খোদ আৰক্ষীয়েই ৷ এয়া কোনো কোনো বহিঃৰাজ্যৰ ঘটনা নহয় ৷ এয়া অসমৰ চৰাইদেউত সংঘটিত হৈছে এনে এক ঘটনা ৷

সোণাৰি আৰক্ষীৰ জালত আৰক্ষী

আলফাৰ প্ৰতি আকৰ্ষিত হৈ বহু যুৱক-যুৱতী আলফালৈ যোৱাৰ খবৰ আমি প্ৰায়েই শুনি থাকো । আলফালৈ নাযাবলৈ বিভিন্ন পন্থাৰে ৰাইজক বুজাই আহিছে ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে ৷ ইয়াৰ মাজতে এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে চৰাইদেউ জিলাৰ সোণাৰিত ।

সোণাৰি আৰক্ষীয়ে আটক কৰিব লগা হৈছে এগৰাকী আৰক্ষী জোৱানক (Sonari police arrested Police)।

সোণাৰি আৰক্ষীৰ জালত 25 নং অসম বেটেলিয়ন জোৱান

আৰক্ষী জোৱানগৰাকীৰ নাম বসন্ত বুঢ়াগোহাঁই ৷ আলফা (স্বা)ৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত 25 নং অসম বেটেলিয়নত কৰ্মৰত বসন্ত বুঢ়াগোহাঁইক আটক কৰিছে সোণাৰি আৰক্ষীয়ে ৷ তথ্য অনুসৰি, শুকুৰবাৰে শদিয়াৰ পৰা বসন্ত বুঢ়াগোহাঁইক আটক কৰিছে সোণাৰি আৰক্ষীয়ে । ইতিমধ্যে অধিক তথ্যৰ বাবে ধৃত বুঢ়াগোহাঁইক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য ৰাজহুৱা কৰা নাই যদিও সমগ্ৰ ঘটনাই কিন্তু চৰাইদেউ জিলাত আৰক্ষীৰ ভিতৰ চ’ৰাত জোকাৰণিৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :Assam devotees looted in Dumka : ঝাৰখণ্ডত অসমৰ তীৰ্থ যাত্ৰীক লুটপাত, এজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details