অসম

assam

ETV Bharat / state

PMAY scam:মাহমৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতি

মন্ত্ৰী যোগেন মহনৰ সমষ্টি মাহমৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতি ৷ হিতাধিকাৰীৰ একাউণ্টৰ পৰা ধন উলিয়াই নিয়াৰ পাচতো এটা বছৰে নিৰ্মাণ নহ’ল গৃহ ৷

By

Published : Jun 30, 2023, 4:07 PM IST

PMAY scam
প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতি

প্ৰধান মন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতি

ডিব্ৰুগড়, 30 জুন :ৰাজ্যৰ মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণত কোনেও দুৰ্নীতি সংঘটিত কৰিব নোৱাৰিব । কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ যেন এতিয়া একাংশ পঞ্চায়ত সভাপতি আৰু ঠিকাদাৰৰ বাবে গুৰুত্বহীন । কিয়নো খোদ মন্ত্ৰীৰ সমষ্টিতে সংঘটিত হৈছে প্ৰধান মন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতি ৷ মন্ত্ৰী যোগেন মহনৰ সমষ্টি মাহমৰাত দেখিবলৈ পোৱা গৈছে ব্যাপক দুৰ্নীতি ।

গৃহ আৱন্টিত হোৱাৰ এবছৰ উকলি যোৱা পাচতো কোনো খবৰ নাই ঠিকাদাৰৰ । পঞ্চায়ত সভাপতি আৰু ঠিকাদাৰে মিলি এজন দুজন নহয় এঘাৰ জন দৰিদ্ৰ হিতাধিকাৰীৰ পৰা সৰকালে গড়ে ৮১২৫০ টকাকৈ । মাহমৰা সমষ্টিৰ মাহমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মিলন গাঁও পঞ্চায়তত অব্যাহত আছে ব্যাপক দুৰ্নীতি ।

খোদ মন্ত্ৰী যোগেন মহনৰ সমষ্টি মাহমৰাত সংঘটিত হোৱা এই দুৰ্নীতিয়ে এতিয়া সকলোৰে চকু কঁপালত তুলিছে । জানিব পৰা অনুসৰি যোৱা বছৰ উক্ত পঞ্চায়তৰ ককামৰা গাঁৱৰ দৰিদ্ৰ কৃষক কৃষ্ণ কুৰ্মীৰ ঘৰলৈ পঞ্চায়তৰ পৰা দুজন ব্যক্তি আহি কৃষ্ণ কুৰ্মীৰ বেংকৰ পাছবুক সহ পঞ্চায়ত কাৰ্যালযলৈ লৈ গৈ গৃহ নিৰ্মাণৰ বাবদ সোমোৱা ৯০ হাজাৰ টকা জোৰ জোলোম কৰি উলিয়াই ল’লে ঠিকাদাৰে ।

বাৰম্বাৰ পঞ্চায়ত সভাপতি আৰু ঠিকাদাৰক কাকুতি মিনতি কৰি কোনো ফল নাপালে আজি পৰ্যন্ত কৃষ্ণ কুৰ্মীয়ে । আনহাতে একে গাঁৱৰে জিতেন ঘাটোৱাৰৰ নামত আৱন্টিত গৃহটোৰো একেই দুৰৱস্থা । ৮১২৫০ টকাৰ বিনিময়ত ঠিকাদাৰ নিৰঞ্জন চুতীয়াই এক বছৰ উকলি যোৱাৰ পাছতো কেৱল ১০ % হে কাম কৰা গৃহটো পৰিত্যক্ত অৱস্থাত আছে । একেদৰেই নালিয়া ঘাটোৱাৰৰ পৰাও ঠিকাদাৰ নিৰঞ্জন চুতীয়াই ৩২৫০০ টকা ল’লে ৷ কিন্তু ধন উলিয়াই নিয়াৰ এবছৰৰ পাচতো গৃহ নিৰ্মাণৰ কোনো চিন-চাবেই নাই ।

ইয়াৰ উপৰিও গনেশ কুৰ্মী, কৃষ্ণ প্ৰজা, নকুল প্ৰজা, বিজয় গড়, আবু কুৰ্মী, শংকৰ বাউৰীৰ নামত আৱন্টন হোৱা গৃহসমূহৰো একেই দুৰৱস্থা । ঠিকাদাৰ ক্ৰমে অজিৎ কৰ্মকাৰ, তুল্য গগৈ, চোমন আৰু পবীন ভৰালীয়ে উক্ত হিতাধিকাৰী সকলৰ পৰা গৃহ নিৰ্মাণৰ বাবদ বেংক একাউণ্টত সোমোৱা চৰকাৰী ধনৰ প্ৰথম কিস্তি ৩২৫০০ টকা আৰু দ্বিতীয় কিস্তি ৪৮৭৫০ মুঠ ৮১২৫০ টকা উলিয়াই লয় । এই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰসকলক মিলন গাঁও পঞ্চায়তৰ সভাপতি নৱ বৰুৱাই ৰক্ষণা-বেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে ।

কেবিনেট মন্ত্ৰীৰ যোগেন মহনৰ সমষ্টিত প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ যোজনাৰ অধীনৰ এই গৃহসমূহ নিৰ্মাণত সৃষ্টি হোৱা এই অনিয়মক লৈ কেনে ধৰণে তদন্ত হয় সেইয়াহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক :PMAY scam in Lakhimpur: হিতাধিকাৰীৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগত তিনি কৰ্মচাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details