ডিব্ৰুগড়, 30 অক্টোবৰ:আকৌ খাকী পোচাকত দাগ ৷ এইবাৰ কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন হয় এজন আৰক্ষী বিষয়া ৷ দেওবাৰে চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ শইকীয়াক নিলম্বন কৰা হয় (OC of Kakotibari Police Station) ৷ কৰ্তব্যত গাফিলতিৰ অভিযোগত আৰক্ষীৰ ঊৰ্ধতন কৰ্তৃপক্ষই নিলম্বন কৰে বিষয়াগৰাকীক (OC of Kakotibari Police Station was suspended) ৷
উল্লেখযোগ্য যে, শনিবাৰে চৰাইদেউ জিলাৰ সোণাৰিৰ জাপিধৰাত সংকটজনক অৱস্থাত হয় এগৰাকী যুৱতী (Young Girl found in critical condition)। কাকতিবাৰী আৰক্ষী থানাৰ (Kakotibari Police Station) অন্তৰ্গত জাপিধৰাৰ এগৰাকী যুৱতীক মূমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিছিল পৰিয়ালৰ লোকে ।
জানিব পৰা মতে, শনিবাৰে সন্ধিয়া 5 বজাত ঘৰৰ ওচৰতে ফুৰিবলৈ ওলাই গৈছিল যুৱতীগৰাকী । কিন্তু বহু সময় ধৰি ঘৰলৈ উভতি অহা নাছিল যুৱতীগৰাকী ৷ ফলত এক হাহাকাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় পৰিয়ালটোত ৷ লগে লগে পৰিয়ালৰ লোকে যুৱতীগৰাকীক বিচাৰ খোচাৰ কৰে ৷
তাৰ পিছতে পৰিয়ালৰ লোকে ঘৰৰ পাছফালে থকা পুখুৰীৰ পাৰত উদ্ধাৰ কৰে যুৱতীগৰাকীক (Young Girl found in critical condition) । অতিকে সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ মূৰত আঘাতৰ চিন পোৱা গৈছে বুলি জানিব পৰা গৈছে । লগে লগে পৰিয়ালৰ লোকে কাকতিবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷
ইয়াৰ পিছতেই কাকতিবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷ লগতে অনুসন্ধান আৰম্ভ কৰে আৰক্ষীয়ে ৷ ইয়াৰোপৰি যুৱতীগৰাকীক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইয়াৰ পিছতে এই স্পৰ্শকাতৰ ঘটনাটোত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ শইকীয়াৰ বিৰুদ্ধে (Suspended For Negligence To Duty) ৷
ইয়াৰ পিছতেই আৰক্ষীৰ ঊৰ্ধতন কৰ্তৃপক্ষই নিলম্বন কৰে চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ শইকীয়াক ৷ অৱশ্যে চৰাইদেউ জিলা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৪ যুৱকক সোধ পোচৰ বাবে আটক কৰিছে ৷
লগতে পঢ়ক:Tense situation in Sonari: সোণাৰিৰ জাপিধৰাত সংকটজনক অৱস্থাত যুৱতী উদ্ধাৰ