অসম

assam

By

Published : Apr 3, 2022, 5:40 PM IST

ETV Bharat / state

বিহুৰ বতৰত কিহত ব্যস্ত নীল আকাশ-কুসুম কৈলাস আৰু মাধৱ ৰঞ্জন?

ৰাজ্যত এতিয়া ৰঙালী বিহুক লৈ ব্যস্ততা (Rongali Bihu preparation in Assam)। তাৰ মাজতে কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাস আৰু মাধৱ ৰঞ্জন এক বিশেষ কামত ব্যস্ত । সমগ্ৰ চৰাইদেউ জিলাখনত সেউজীকৰণৰ উদ্দেশ্যে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ সহযোগত বিশেষ পদক্ষেপ হাতত লৈছে শিল্পীকেইগৰাকীয়ে ।

Rongali Bihu
বিহুৰ বতৰত কিহত ব্যস্ত অসমৰ তিনি জনপ্ৰিয় কণ্ঠশিল্পী

মৰাণ,৩ এপ্ৰিল :ৰঙালী বিহুলৈ মাজত মাথোঁ কিছুদিন বাকী । বিহুক আদৰিবলৈ সকলো এতিয়া ব্যস্ত (Bohag Bihu preparation)। বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবেও ৰাজ্যৰ কণ্ঠশিল্পী লগতে আন আন কলা-কুশলীসকল ব্যস্ত হৈ পৰিছে । ইয়াৰ মাজতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাস আৰু মাধৱ ৰঞ্জনৰ ব্যতিক্ৰমী প্ৰয়াস (Unique steps by three popular singers of Assam)।

বিহুৰ বতৰত কিহত ব্যস্ত অসমৰ তিনি জনপ্ৰিয় কণ্ঠশিল্পী

তিনিওগৰাকী শিল্পীয়ে ৰোপন কৰিলে কাঞ্চন গছৰ পুলি । চৰাইদেউ জিলাৰ প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাইৰ সহযোগত কণ্ঠশিল্পী কেইগৰাকীয়ে প্ৰায় দুহাজাৰ কাঞ্চন পুলি ৰোপন কৰে (Plantation program of three popular singers of Assam)। লগতে গছপুলিবোৰৰ প্ৰতিপালনৰো দায়িত্ব গ্ৰহণ কৰে শিল্পী কেইগৰাকীয়ে ।

চৰাইদেউ জিলাৰ দিচাংপানী অঞ্চলত অনুপ পাটকাই আৰু দিচাংপানীবাসীৰ সহযোগত নীল-কুসুম-মাধৱ কাঞ্চন বাগিচা নামেৰে এটা প্ৰকল্পও হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে শিল্পী কেইগৰাকীয়ে । মন কৰিবলগীয়া যে চৰাইদেউ জিলাৰ প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাইয়ে ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰায় ত্ৰিশ হাজাৰৰো অধিক গছপুলি ৰোপণ কৰাৰ লগতে প্ৰতিপালন কৰি যথেষ্ট প্ৰশংসা লাভ কৰিছে ।

লগতে পঢ়ক :দুহাতত জেতুকা বোলাই কলিয়াবৰত সাজু হৈছে ৰংমন-ৰাংঢালী

ABOUT THE AUTHOR

...view details