মৰাণ,২০ মাৰ্চ: ৰাষ্ট্ৰীয় জুনিয়ৰ উশ্বু প্ৰতিযোগিতাত অসমৰ বৃহৎ সফলতা । ১০ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ হাৰিয়ানাৰ ভদিয়া খেদা ষ্টেডিয়ামত ফাটেহাৰাত উশ্বু সংস্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল ১৯ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ উশ্বু প্ৰতিযোগিতাৰ । এই প্ৰতিযোগিতাত যুৱ শিতানৰ ৪৮ কেজি লৰা শাখাত অসমৰ হৈ প্ৰতিদ্বন্দিতা কৰি মানৱ প্ৰতিম সোণোৱালে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । অসমলৈ সুনাম কঢ়িয়াই অনা মানস প্ৰতিম সোণোৱালৰ ঘৰ চৰাইদেউ জিলাৰ বৰহাটত ।
ৰাষ্ট্ৰীয় জুনিয়ৰ উশ্বু প্ৰতিযোগিতাত উজলিল অসমৰ খেলুৱৈ - national wushu competition
১০ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ হাৰিয়ানাৰ ভদিয়া খেদা ষ্টেডিয়ামত ফাটেহাৰাত উশ্বু সংস্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল ১৯ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ উশ্বু প্ৰতিযোগিতাৰ । এই প্ৰতিযোগিতাত যুৱ শিতানৰ ৪৮ কেজি লৰা শাখাত অসমৰ হৈ প্ৰতিদ্বন্দিতা কৰি মানৱ প্ৰতিম সোণোৱালে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।
বহি: ৰাজ্যত সুনাম অৰ্জন কৰাৰ লগে লগে এতিয়া চৰাইদেউত আনন্দমুখৰ পৰিৱেশ । যুৱ খেলুৱৈ গৰাকী হাৰিয়ানাৰ পৰা আহি নিজ ঘৰত উপস্থিত হোৱাৰ পিছতে বহু দল-সংগঠনে সম্বৰ্ধনা জনাইছে মানস প্ৰতিমক । শুকুৰবাৰে বৰহাটৰ টিট্ লাগড়ত উপস্থিত হোৱাৰ পিছতে টাই আহোম যুৱ পৰিষদ, বৰহাট আঞ্চলিক সমিতি, টিট্ লাগড় হাইস্কুল, স্থানীয় শুভাকাংক্ষী ৰাইজ তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনায় খেলুৱৈগৰাকীক । উল্লেখ যে মানৱপ্ৰতিম সোণোৱাল সম্প্ৰতি চৰাইদেউ জিলা উশ্বু সন্থাৰ সম্পাদক তথা প্ৰশিক্ষক ৱাংমান ৱাংছুৰ তত্বাবধানত প্ৰশিক্ষণ লৈ আছে ।
লগতে পঢ়ক:কংগ্ৰেছ মুক্ত কৰিবলে গৈ কংগ্ৰেছ সংস্কৃতি যুক্ত হল বিজেপি: শান্তনু কলিতা
TAGGED:
national wushu competition