অসম

assam

ETV Bharat / state

অইলৰ বিষয়াক প্ৰাণে মৰাৰ ভাবুকি চৰাইদেউৰ ন্যায়িক দণ্ডাধীশৰ - indian oil

অইলৰ দুজন বিষয়া আৰু দুজন কৰ্মচাৰীক চৰাইদেউ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰাজণিচ বৰাই হাতত পিষ্টল লৈ শাৰীৰিক ভাৱে অপদস্থ কৰাৰ লগতে ঘৰ লণ্ড ভণ্ড কৰাৰ অভিযোগক লৈ উত্তাল হৈ পৰিছে মৰাণ অইল । ২৩ ছেপ্টেম্বৰত নিশা দণ্ডাধীশ ৰাজণিচ বৰাই অইলৰ মুখ্য প্ৰশাসনিক বিষয়া কানু চাহুৰ ডি জেদ ০১ নম্বৰ আৱাসগৃহত অভব্য আচৰণ কৰাৰ লগতে বিষয়া গৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰে ৷

Moran Oil employee protest against Magistrate of Charaideo
অইলৰ বিষয়াক প্ৰাণে মৰাৰ ভাবুকি চৰাইদেউৰ ন্যায়িক দণ্ডাধীশৰ

By

Published : Sep 25, 2021, 10:22 PM IST

মৰাণ, 25 ছেপ্টেম্বৰ : মৰাণ অইলৰ দুজন বিষয়া আৰু দুজন কৰ্মচাৰীক চৰাইদেউ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰাজণিচ বৰাই হাতত পিষ্টল লৈ শাৰীৰিক ভাৱে অপদষ্ট কৰাৰ লগতে ঘৰ লণ্ড ভণ্ড কৰাৰ অভিযোগক লৈ উত্তাল হৈ পৰিছে মৰাণ অইল । উল্লেখ্য যে, চৰাইদেউ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰাজণিচ বৰাই ১৫ জুনৰ পৰা মৰাণ অইল ইণ্ডিয়াৰ ডি প্লাছ ২৯ আৱাসগৃহত অস্থায়ীভাৱে বসবাস কৰি আছে ।

আৱাহ গৃহ এলেকাত ঘাঁহ কটাক লৈ যোৱা ২৩ ছেপ্টেম্বৰত নিশা দণ্ডাধীশ ৰাজণিচ বৰাই অইলৰ মুখ্য প্ৰশাসনিক বিষয়া কানু চাহুৰ ডি জেদ ০১ নম্বৰ আৱাসগৃহত নিৰাপত্তাৰক্ষীসহ উপস্থিত হৈ অভব্য আচৰণ কৰাৰ লগতে বিষয়া গৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰে ৷ তদুপৰি মাতাল অৱস্থাত থকা দণ্ডাধীশ গৰাকীয়ে অইলৰ প্ৰশাসনিক বিষয়া কানু চাহুৰ আৱাসগৃহৰ দৰ্জা-খিৰিকীৰ উপৰিও চৌহদত থকা ফুলৰ টাব, ফটো আদি ভাঙি লণ্ড-ভণ্ড কৰে ৷

অইলৰ বিষয়াক প্ৰাণে মৰাৰ ভাবুকি চৰাইদেউৰ ন্যায়িক দণ্ডাধীশৰ

লগতে পঢ়ক:মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

ইমানতে ক্ষান্ত নাথাকি দণ্ডাধীশ বৰাই প্ৰশাসনিক বিষয়াগৰাকীৰ আৱাসগৃহ চোৱা-চিতা কৰা অইলৰ কৰ্মচাৰী জয়ন্ত দিহিঙীয়াৰ মূৰত মাৰণাস্ত্ৰ টোঁৱাই মৃত্যুৰ ভাবুকি পৰ্যন্ত প্ৰদান কৰে ৷ ইয়াৰ পিছত দণ্ডাধীশ ৰাজণিচ বৰাই মৰাণ অইলৰ প্ৰৱন্ধক(CGM) সৃষ্টি দাসকো আৱাসত গৈ ভাবুকি দিয়ে বুলি অইলৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।

আনহাতে, অইলৰ এজন সুৰক্ষা কৰ্মীকো দণ্ডাধীশ ৰাজণিচ বৰাই পিষ্টল লৈ ভয় ভাবুকি দিয়ে । উক্ত ঘটনাকলৈ মৰাণ অইল এলেকাৰ লগতে সমগ্ৰ মৰাণ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই নজিৰ বিহীন ঘটনাক লৈ শনিবাৰে মৰাণ অইলৰ মুখ্য প্ৰৱেশদ্বাৰত অইলৰ বিষয়া-কৰ্মচাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ সন্দৰ্ভত আৰু ৪৮ ঘণ্টাৰ ভিতৰত দণ্ডাধীশ ৰাজণিচ বৰাক অইলৰ আৱাস গৃহ খালি কৰাৰ দাবীত অইল কৰ্মচাৰীয়ে ২ ঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৷ ইয়াৰ লগতে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:শীতল মস্তিষ্কৰে গৰুখুটিৰ ঘটনা পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই: অখিল গগৈ

ABOUT THE AUTHOR

...view details