মৰাণ, 13 ছেপ্টেম্বৰ :চৰাইদেউ জিলাৰ মৰাণ নগৰস্থিত ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰক অপসাৰণৰ দাবীত সোমবাৰে পুনৰ উত্তাল হৈ পৰে মহাবিদ্যালয় চৌহদ । মহাবিদ্যালয়খনৰ কেইবাশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশদ্বাৰত অৱস্থান কৰি বিতৰ্কিত অধ্যক্ষাগৰাকীক মহাবিদ্যালয়ৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰে । এইলৈয়ে উত্তপ্ত পৰিস্থিতিৰ বিৰাজ কৰে মহাবিদ্যালয়খনত ৷
ড৹ মিতালী কোঁৱৰক প্ৰৱেশত বাধা ছাত্ৰ সমাজৰ উল্লেখ্য যে, বিগত বৰ্ষত নিজৰ ঘৰত বনকৰা শিশুক অমানুষিক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হোৱা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ পুঁজিত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ছাত্ৰসমাজে ৷ নিজৰ কাৰ্যকালত কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলি ইতিমধ্যে মহাবিদ্যালয়ৰ কেইবাজনো ছাত্ৰই মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল দাখিল কৰিছে ৷
লগতে পঢ়ক:চাপৰত কাঠৰ কুণ্ডাসহ কাঠ ফলা মেচিন জব্দ
সমান্তৰালভাৱে চৰাইদেউ জিলা উপায়ুক্ত, অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু উচ্চ শিক্ষা সঞ্চালকালয়তো অভিযোগ দাখিল কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে ৷ একেদৰে অধ্যক্ষাগৰাকীক অপসাৰণৰ দাবীত বিগত প্ৰায় ডেৰমাহে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ কিন্তু অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে মহাবিদ্যালয়খনৰ কেইবাশ ছাত্ৰ-ছাত্ৰী ৷
ছাত্ৰ-ছাত্ৰীসকলে মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত অৱস্থান কৰি বিভিন্ন দাবী-শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে । মহাবিদ্যালয়খনত স্থানীয় দণ্ডাধীশ ইণ্ডিকা গগৈৰ লগতে আৰক্ষীৰ বাহিনীৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ কোনো কাৰণতে অধ্যক্ষাগৰাকীক মহাবিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি সকিয়াই দিছে মৰাণ মহাবিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে ৷
লগতে পঢ়ক:সংবাদ মাধ্যমতহে ৰাইজৰ দলৰ নাম শুনিছে সুশান্ত বৰগোঁহায়ে