মৰাণ, 7 জুলাই:ঐতিহাসিক দৌলত শেন চকু দুস্কৃতিকাৰীৰ ৷ যিসময়ত চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে সেই সময়তে চৰাইদেউ ঐতিহাসিক লাংকুৰী দৌলৰ পাহাৰত দুস্কৃতিকাৰীয়ে মাটি খনন কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহে (Miscreants excavate land of historic area in Charaideo) ৷ আনকি দৌলৰ দক্ষিণ পূব দিশৰ দেৱাল ভাঙি দুষ্কৃতিকাৰীয়ে সেই বাটেৰে অহা যোৱাৰ কৰাৰ সুবিধা কৰি লৈছে ৷
জানিব পৰা অনুসৰি দুষ্কৃতিকাৰীয়ে পাহাৰৰ মাটি কাটি নিয়াৰ ফলত লাংকুৰী দৌলৰ উত্তৰ পশ্চিম আৰু দক্ষিণ দিশৰ বহু ঠাইত দ' গাঁতৰ সৃষ্টি হোৱাত দৌলটোৰ লগতে সমগ্ৰ অঞ্চলটোলৈ নামি আহিছে ভাবুকি (Threat to Dual and entire area)৷ বৃহস্পতিবাৰে দৌলটোৰ চাৰিওদিশ পৰিদৰ্শন কৰি এই সন্দৰ্ভত চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আহোম জাতীয় গণ মঞ্চই (Ahom Jatiyo Gana Mancha) । সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙীয়াই কয় যে এই সমগ্ৰ অঞ্চলটো পুৰাতত্ব বিভাগৰ অন্তৰ্গত সংৰক্ষিত এলেকা হোৱাৰ পিছতো দুষ্কৃতিকাৰীয়ে গছ-গছনি কাটি নিয়া কাৰ্য অতিকৈ আশ্চৰ্যজনক ৷ এই বিষয়ে পুৰাতত্ব বিভাগক সংগঠনটোৱে অৱগত কৰাইছিল যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে দিহিঙীয়াই (Allegations against archaeological department) ৷