ডিব্ৰুগড়, 6 নৱেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত প্ৰতিষ্ঠিত বৰেণ্য অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ । উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ । চৰাইদেউ জিলাৰ সাপেখাতীত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষ কাৰ্যসূচী (Sankardev Sangha Samaroh at Sapekhati)।
হৰিনামৰ ৰসত বুৰ গৈছে সাপেখাতী । সাপেখাতীৰ সুকুমাৰ বৰুৱা আৰু শিৱপ্ৰসাদ বৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ভক্তৰ সমাৱেশেৰে অনুষ্ঠিত হৈছে এই সমাৰোহ । এই সমাৰোহে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰিছে সোণাৰিৰ সাপেখাতী (Srimanta Sankaradeva Sangha conference)।
শনিবাৰে নিশা অধিৱেশনস্থলীত উপস্থিত হয় ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত । সাপেখাতীত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহত উপস্থিত হৈ ৰাইজক সম্বোধন কৰিলে মন্ত্ৰীগৰাকীয়ে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ যোৱা অক্ষয় ভাণ্ডাৰৰ অমৃতপান কৰি অসমীয়া জাতি আজিও সঞ্জীৱিত হৈ আছে বুলি নিজৰ ভাষণত মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে (Minister Keshab Mahanta at Sapekhati)।