মৰাণ,25 জানুৱাৰী :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোমবাৰে চৰাইদেউতো স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷ এই আঁচনিৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷
চৰাইদেউত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মহনে স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিক সৱলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লোৱা স্বয়ম যোজনাৰ সোমবাৰে ভিন্ন প্ৰান্তত শুভাৰম্ভ হয় ৷
ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ (স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহনে সোমবাৰে আনুষ্ঠানিক ভাৱে এই আঁচনি শুভাৰম্ভ কৰি চৰাইদেউ জিলাৰ সহস্ৰাধিক জন যুৱক-যুৱতীৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰে ।
অনুষ্ঠানত সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে বহু কেইগৰাকী চৰকাৰী বিষয়াৰ লগতে উপস্থিত থাকে বিশিষ্ট ব্যক্তি ।
চৰাইদেউত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মহনে উল্লেখ যে, এই আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ আত্মসহায়ক গোট, যৌথ দায়বদ্ধ গোট, কৃষি উৎপাদনকাৰী সংস্থা, পুঞ্জ পৰ্যায়ত এছ পি ভি বা সংস্থাৰ ২ লাখ হিতাধিকাৰীক সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে৷ যাৰ ভিতৰত 1.39 লাখ হিতাধিকাৰীক ইতিমধ্যে বাচনি কৰা হৈছে ৷ উল্লেখ্য যে, বাচনি হোৱা হিতাধিকাৰীসকলক চৰকাৰৰ তৰফৰ পৰা দুটা কিস্তিত ৫০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজি আগবঢ়োৱা হ'ব ৷
লগতে পঢ়ক:তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান